ইংলেণ্ডৰে ৰাঁচী টেষ্টত বুমৰাহক বিশ্রাম, বাদ পৰিল ৰাহুল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহ অবিহনে চতুর্থ টেষ্টত ভাগ ল’ব ঘৰুৱা দল টীম ইণ্ডিয়াই৷ ইংলেণ্ডৰ বিপক্ষে খেলি থকা ৫খনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ চতুর্থখন টেষ্ট ২৩ ফেব্রুৱাৰীৰ পৰা ৰাঁচীত অনুষ্ঠিত হ’ব৷ টেষ্টখনত বুমৰাহক বিশ্রাম দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ধাৰাবাহিকভাৱে খেলি থকাৰ বাবে বুমৰাহক কিছু জিৰণিৰ প্রয়োজন হোৱাহেতুকে ব’র্ডে আগন্তুক চতুর্থখন টেষ্টত জিৰণি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ ৰাজকোটৰ পৰা বুমৰাহে পোনে পোনে হায়দৰাবাদস্থিত ঘৰলৈ ৰাওনা হয়৷ মন কৰিবলগীয়া যে ইতিমধ্যে হৈ যোৱা প্রথম তিনিখন টেষ্টত ১৭টাকৈ উইকেট দখল কৰি শৃংখলাটোত সর্বাধিক উইকেট দখল কৰাৰ কৃতিত্ব অর্জন কৰি আছে বুমৰাহে৷ ইফালে ৰাঁচী টেষ্টত খেলিব নোৱাৰিব তাৰকা উইকেটকীপাৰ বেটাৰ লোকেশ ৰাহুলে৷ ভৰিত পোৱা আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ নকৰাৰ বাবে ৰাহুলক আগন্তুক চতুর্থখন টেষ্টৰ পৰা বাদ দিয়া হৈছে৷ হায়দৰাবাদত অনুষ্ঠিত প্রথমখন টেষ্টৰ সময়ছোৱাত ৰাহুলে সোঁভৰিত আঘাত পাইছিল আৰু এই আঘাতৰ বাবে উইকেটকীপাৰ বেটাৰগৰাকীয়ে বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয় আৰু ৰাজকোটত অনুষ্ঠিত তৃতীয়খন টেষ্টত অংশগ্রহণ কৰিব পৰা নাছিল৷ ইফালে চতুর্থখন টেষ্টত অভিষেক ঘটাৰ সম্ভাৱনা আছে আকাশ দীপৰ৷ তাৰকা পেচবলাৰ বুমৰাহৰ স্থানত আকাশে টীম ইণ্ডিয়াৰ মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে চলিত টেষ্ট শৃংখলাটোত ঘৰুৱা দল টীম ইণ্ডিয়াই ২–১ত অগ্রগতি লাভ কৰি আছে৷