পৰিয়াল অবিহনে ইউএইলৈ উৰা মাৰিব চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈ

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ আই পি এলৰ অন্যতম সফল দল চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈসকলে বি চি চি আইৰ ঐশ্বর্যশালী প্রতিযোগিতাখনৰ বাবে পৰিয়াল অবিহনে ইউ এ ইলৈ উৰা মাৰিব৷ সম্প্রতি চেন্নাইস্থিত চি এছ কেৰ মুখ্য কার্যালয়ত প্রস্তুতিত ব্যস্ত থকা দলটোৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই আজি এই কথা সদৰী কৰে৷ তেওঁ কয় যে বি চি চি আইৰ নিয়ম অনুসৰি চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈসকলে পৰিয়াল অবিহনে ইউ এ ই ভ্রমণ কৰিব৷ অতি কমেও আই পি এলৰ প্রথম তিনি সপ্তাহ পৰিয়ালৰ লোকৰ পৰা আঁতৰি থাকিবলৈ খেলুৱৈসকলক আহ্বান জনোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ মন কৰিবলগীয়া যে দেওবাৰে অনুষ্ঠিত বি চি চি আইৰ গৱর্নিং কাউন্সিলৰ গুৰুত্বপূর্ণ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে আই পি এলৰ অনুশীলন আৰু মেচৰ সময়ছোৱাত কোনো খেলুৱৈয়ে পৰিয়ালৰ সদস্যৰ কাষ চাপিব নোৱাৰে৷ চেন্নাই ছুপাৰ কিংছৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে এই কথা উল্লেখ কৰে যে ডুবাইলৈ উৰা মৰাৰ পূর্বে দলটোৰ খেলুৱৈসকল অহা ১৯ আগষ্টত চেন্নাইত একগোট হ’ব৷ বাণিজ্যিক বিমানৰ উৰণ নিষিদ্ধ থকাৰ বাবে চার্টার্ড বিমানেৰে দলটোৰ খেলুৱৈসকলক ডুবাইলৈ নিয়া হ’ব৷ ইফালে, অহা ১২ ছেপ্ঢেম্বৰলৈ চলিবলগীয়া কেৰিবিয়ান প্রিমিয়াৰ লীগ আৰু ১৬ ছেপ্ঢেম্বৰলৈ চলিবলগীয়া ইংলেণ্ড–ষ্ট্রেলিয়াৰ এদিনীয়া শৃংখলাৰ বাবে আই পি এলৰ আৰম্ভণিৰ সময়ছোৱাত চেন্নাই ছুপাৰ কিংছে কেইবাগৰাকীও বিদেশী খেলুৱৈ অবিহনে খেলপথাৰত নামিব লাগিব।