কৈলাশ নাথ শর্মা সোঁৱৰণী চতুর্থ আমন্ত্রণমূলক আন্তঃবিদ্যালয় দবা চেম্পিয়নশ্বিপৰ সামৰণি

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ গুৱাহাটীৰ জয়ানগৰস্থিত স্নেহবন্ধনত ১১ নৱেম্বৰৰ পৰা অনুষ্ঠিত বিশিষ্ট কবি, সাহিত্য সমালোচক, অনুবাদক, গীতিকাৰ তথা সাহিত্যৰ নীৰৱ সাধক প্রয়াত কৈলাশ নাথ শর্মাৰ সোঁৱৰণত অনুষ্ঠিত আমন্ত্রণমূলক আন্তঃবিদ্যালয় দবা চেম্পিয়নশ্বিপ ২০২২ৰ আজি সামৰণি পৰে৷ স্নেহবন্ধন আৰু অসম চেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্রতিযোগিতাখনত গুৱাহাটীৰ প্রায় ১০খন বিদ্যালয়ৰ লগতে মঙলদৈ, নলবাৰী, ৰঙিয়া, তেজপুৰ, শিৱসাগৰ, নগাঁও আদি জিলাৰ অর্ধশতাধিক বিদ্যালয়ৰ প্রায় ১৬০গৰাকী শিক্ষার্থীয়ে অংশগ্রহণ কৰে৷ প্রতিযোগিতাত অংশগ্রহণ কৰা খেলুৱৈসকলক মুঠ তিনিটা শ্রেণী আৰু দুটা কেটেগৰীত ভাগ কৰা হৈছিল৷ প্রতিযোগিতাত ল’ৰাৰ শাখাত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মাৰিয়া পাব্লিক স্কুলৰ ছাত্র তণ্ময় ৰাজবংশীয়ে৷ আনহাতে, ছোৱালীৰ শাখাত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ছেইণ্ট মেৰীজ মালিগাঁৱৰ ছাত্রী হূদিকা দাসে৷ প্রতিযোগতাত শ্রেষ্ঠ বিদ্যালয়ৰ সন্মান লাভ কৰে ৰয়েল গ্ল’বেল স্কুলে৷ প্রথম শ্রেণীৰ পৰা চতুর্থ শ্রেণী, পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণী, নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ মিক্সড আৰু ছোৱালী শাখাৰে মুঠ দুটা কেটেগৰীত অনুষ্ঠিত হয় এই দবা চেম্পিয়নশ্বিপ৷ আজি সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত প্রতিটো গ্রুপৰে পাঁচগৰাকীকৈ শীর্ষ খেলুৱৈক বঁটা আৰু যোগ্যতাৰ প্রমাণ–পত্র প্রদান কৰা হয়৷ লগতে কনিষ্ঠ বিজয়ীগৰাকীক বিশেষ বঁটাৰে উৎসাহিত কৰা হয়৷ এই চেম্পিয়নশ্বিপত পদক বুটলিবলৈ সক্ষম হোৱা খেলুৱৈসকলৰ মাজত মুঠ ২.৫৫ লাখ টকাৰ জলপানি ভগাই দিয়া হয়৷ বিজয়ী খেলুৱৈসকলক বঁটা প্রদান কৰে অর্জুন বঁটা বিজয়ী এথলীট হিমা দাস আৰু স্নেহবন্ধনৰ প্রকল্প মুৰব্বী বিজয়া শর্মাই৷ এই অনুষ্ঠানত উপস্থিত থাকে সুলেখিকা, বিশিষ্ট সমাজসেৱিকা তথা প্রয়াত কৈলাশ নাথ শর্মাৰ সহধর্মিণী মৃণালিনী দেৱী৷ আন্তঃৰাষ্ট্রীয় আর্বিটাৰ তথা প্রতিযোগিতাৰ পৰিচালক বিশ্বজিত ভৰদ্বাজে জনোৱা অনুসৰি ল’ৰাৰ চতুর্থ শ্রেণী পর্যন্ত অনুষ্ঠিত শাখাত প্রথম পাঁচটা স্থান লাভ কৰে ক্রমে জগজিৎ সিন্হা, কৃষ্ণ মৃণ্ময় হাজৰিকা, হর্ষদীপ ডেকা, নিহাৰ দাস আৰু আৰহান ৰহমান বৰাই৷ ছোৱালীৰ এই শাখাত প্রথম পাঁচটা স্থান লাভ কৰে ক্রমে সৃষ্টিৰূপা ৰয়, নিষ্ঠা শইকীয়া, ৰীতিষা ৰাজবংশী, দিব্যাংগনা বৰা আৰু অমিয়া গুপ্তাই৷ পঞ্চমৰ পৰা অষ্টম শ্রেণীলৈ অনুষ্ঠিত ল’ৰাৰ শাখাত শ্রেষ্ঠত্ব অর্জন কৰে ক্রমে তণ্ময় ৰাজবংশী, সহজ গুপ্তা, বিহান উপাধ্যায়, হিমানীশ কুমাৰ শর্মা, আলোক হূদ্ধি সন্দিকৈয়ে৷ এই শাখাৰ ছোৱালীৰ বিভাগত ক্রমে হূদিকা দাস, অনিন্দিতা মিশ্র, অংগনা জে পি দত্ত, শিৱানী লাধা আৰু কৃষা জৈনে শ্রেষ্ঠত্ব অর্জন কৰে৷ নৱমৰ পৰা দ্বাদশ শ্রেণীলৈকে ল’ৰাৰ শাখাত শ্রেষ্ঠত্ব লাভ কৰে ক্রমে প্রাণগোবিন্দ পৰাশৰ কাশ্যপ, মহার্নৱ দাস, প্রকাশ নাথ, শুভম ভট্টাচার্য আৰু অনিকেত দত্তই৷ এই শাখাৰ ছোৱালীৰ বিভাগত প্রয়াসী ৰাজবংশী, ভার্ষিতা চহৰীয়া আৰু শিৱাংগী প্রিয়া কাশ্যপে প্রথম তিনিটা স্থান অর্জন কৰে৷

Featured