আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰবিদায় ডেভিদ ৱাৰ্নাৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জুনঃ বাংলাদেশৰ বিৰুদ্ধে আফগানিস্তানে জয়লাভ কৰাত অষ্ট্ৰেলিয়া টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াৰ কিংবদন্তি অ’পেনাৰ ডেভিদ ৱাৰ্নাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছে। অৱশ্যে আই পি এলকে ধৰি অন্যান্য লীগ খেলি থাকিব। ডেভিদ ৱাৰ্নাৰৰ নামত আছে ৪৯টা আন্তঃৰাষ্ট্ৰীয় শতক। কিন্তু এতিয়া এইগৰাকী খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে। ডেভিদ ৱাৰ্নাৰে ২০১১ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটায়। ইয়াৰ পিছত তেওঁ তিনিওটা ফৰ্মেটতে অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰে। যদিও ডেভিদ ৱাৰ্নাৰৰ টেষ্ট কেৰিয়াৰ উত্থান-পতনেৰে ভৰি আছিল, তথাপিও তেওঁ এদিনীয়া আৰু টি-২০ ফৰ্মেটত অতি সফলতা লাভ কৰিছিল। ইয়াৰ উপৰি ডেভিদ ৱাৰ্নাৰ আই পি এলৰ অন্যতম সফল বেটছমেন। এইগৰাকী খেলুৱৈৰ অধিনায়কত্বত ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এল ২০১৬ত জয়লাভ কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ উপৰি তেওঁ আই পি এলত দিল্লী কেপিটেলছৰ হৈ খেলি আছে।

Featured