বিধ্বংসী গেইলে পুনৰ ভাঙিলে বেট

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰঃ দীর্ঘদিন পূর্বে আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছে ক্রিছ গেইলে৷ অৱশ্যে বয়স ৪৪ বছৰ হ’লেও তেওঁ যে আগৰ দৰেই বিধ্বংসী সেই কথা পুনৰ প্রমাণ কৰিলে৷ অৱশ্যে এইবাৰ বাউণ্ডেৰী কোবাবলৈ গৈ বেটেই ভাঙিলে গেইলে৷ পূর্বেও এনে ঘটনা ঘটিছে৷ এইবাৰ ঘটনাটো ঘটিছে লিজেণ্ডছ লীগ ক্রিকেটত৷ প্রতিপক্ষ আছিল ভিলৱাৰা কিংছ৷ ইনিংছৰ ষষ্ঠ অভাৰত ৰায়ান ছাইডবটমৰ বলত একেৰাহে দুটা ৬ আৰু তিনিটা ৪ কোবায় তেওঁ৷ অভাৰৰ চতুর্থ বলটো এক্সট্রা ক’ভাৰৰ ওপৰেৰে মাৰে তেওঁ৷ বলৰ সৈতে বেটৰ সংযোগ হোৱাৰ লগে লগে গুৰিতে ভাঙি যায় বেটখন৷ তেতিয়ালৈ অৱশ্যে বল গৈ বাউণ্ডেৰীৰ সিপাৰে পৰিছিল৷ পিছত ড্রেছিং ৰুমৰ পিনে চাই নতুন বেট বিচাৰিলে গেইলে৷ মেচখনত মাত্র ২৭টা বলত ৫২ ৰানৰ বিধ্বংসী ইনিংছ খেলিলে গেইলে৷

#বাৰ্তা ডেস্ক

Featured