টি–২০ বিশ্বকাপত ফিনিছাৰৰ ভূমিকাত অৱতীর্ণ হ’ব পাৰে কার্তিক

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ চলিত আই পি এলত দীনেশ কার্তিকৰ বিধ্বংসী বেটিঙে মুগ্ধ কৰিছে মহান ক্রিকেটাৰ সুনীল গাভাস্কাৰক৷ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ উইকেটকীপাৰ বেটছমেনগৰাকীৰ প্রদর্শনত আকর্ষিত হোৱা গাভাস্কাৰে কয় যে এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপত তেওঁ ফিনিছাৰৰ ভূমিকাত অৱতীর্ণ হ’ব পাৰে৷ উল্লেখ্য যে টি–২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল নির্বাচনক লৈ কঠিন পৰীক্ষাৰ সন্মুখীন হৈছে ভাৰতীয় নির্বাচকসকল৷ তৰুণ ক্রিকেটাৰসকলৰ লগতে আই পি এলত কেইবাজনো ছিনিয়ৰ ক্রিকেটাৰে বেটিং আৰু বলিঙত চমকপ্রদ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷

দীনেশ কার্তিক, উমেশ যাদৱ, কুলদীপ যাদৱ আদিয়ে বহুদিন ধৰি সীমিত অ’ভাৰৰ ক্রিকেটত জাতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ কিন্তু আই পি এলত দুৰন্ত প্রদর্শনেৰে তেওঁলোক আলোচনাৰ মাজলৈ আহিছে৷ আই পি এলত কার্তিকৰ প্রদর্শন দেখি গাভাস্কাৰে টি–২০ বিশ্বকাপৰ ভাৰতীয় দলত তেওঁৰ অন্তর্ভুক্তি আশা কৰিছে৷ গাভাস্কাৰৰ মতে কার্তিকৰ বেটে আই পি এলত যিদৰে কথা কৈছে, তাৰ পিছত তেওঁক উপেক্ষা কৰা কঠিন হ’ব৷ এইপর্যন্ত আই পি এলত ছয়খন মেচ খেলি পাঁচখনতে তেওঁ অপৰাজিত হৈ আছে৷ মেচকেইখনত ৰান কৰিছে ক্রমে ৩২, ১৪, ৪৪, ৭, ৩৪ আৰু ৬৬৷