ধোনীৰ কন্যাক লৈ বিকৃত মন্তব্য, দেশজুৰি ক্ষোভৰ উদগীৰণ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ সংযুক্ত আৰব আমীৰ শ্বাহীত চলি থকা ইণ্ডিয়ান প্রিমিয়াৰ লীগত আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে৷ প্রতিযোগিতাখনত ধোনীৰ প্রদর্শনত অসন্তুষ্ট হৈ পৰিছে অনুৰাগী৷

যোৱা বুধবাৰে আবু ধাবিত কলকাতা নাইট ৰাইডার্ছৰ হাতত ১০ ৰানত পৰাস্ত হোৱাৰ পিছত ধোনীৰ পত্নী সাক্ষীৰ ইনষ্টাগ্রামত আহিল এক ভাবুকি৷ অসন্তুষ্ট অনুৰাগীয়ে ধোনীৰ পাঁচ বছৰীয়া কন্যা জিৱাক ধর্ষণ কৰাৰ ভাবুকি দিয়ে৷ এই ঘটনাটোৰ পিছতে ধোনীৰ অনুৰাগীসকলৰ মাজত ক্ষোভৰ উদগীৰণ ঘটে আৰু ঘটনাটোৰ তদন্ত কৰাৰ বাবে অনুৰোধ জনায়৷

এগৰাকী ফুলকুমলীয়া কন্যাৰ ক্ষেত্রত এনে নিকৃষ্ট মন্তব্য আগবঢ়োৱা ব্যক্তিগৰাকীক অচিৰেই চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীকো অনুৰোধ জনাইছে অনুৰাগীসকলে৷ উল্লেখ্য যে উক্ত মেচখনত ধোনীয়ে ১২টা বলত মাত্র ১১ ৰানহে কৰিছিল৷