ইণ্ডিয়ান ছুপাৰ লীগত যোগ দিলে ইষ্ট বেংগলে

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ দেশৰ আগশাৰীৰ ফুটবল ক্লাব ইষ্ট বেংগলক প্রথমবাৰৰ বাবে ইণ্ডিয়ান ছুপাৰ লীগত দেখিবলৈ পোৱা যাব৷ দেশৰ ফুটবল ইতিহাসৰ অন্যতম শ্রেষ্ঠ দল হিচাপে পৰিচিত কলকাতাৰ ইষ্ট বেংগল এফ চিয়ে আগন্তুক আই এছ এলত অংশ ল’ব বুলি ফুটবল স্প’ৰ্টছ ডেভেলপমেণ্ট লিমিটেডৰ অধ্যক্ষা নীতা আম্বানিয়ে আজি ঘোষণা কৰে৷

তেওঁ কয় যে দেশৰ ঐতিহ্যমণ্ডিত ফুটবল ক্লাব ইষ্ট বেংগলে আই এছ এলত যোগ দিয়াৰ মুহূর্তটো দেশৰ ফুটবল অনুৰাগীৰ বাবে এক গৌৰৱৰ ক্ষণ হৈ ৰ’ব৷ ইষ্ট বেংগলৰ যোগদানে আই এছ এলৰ জনপ্রিয়তা পুনৰ বৃদ্ধি কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় ফুটবলৰ বিকাশত ইষ্ট বেংগলৰ অভূতপূর্ব অৰিহণা আছে৷

উল্লেখ্য যে ইষ্ট বেংগল হ’ল আই এছ এলৰ একাদশসংখ্যক দল৷ মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে দেশৰ ভিন্ন প্রান্তত অনুষ্ঠিত হোৱাৰ সলনি গোৱাৰ তিনিখন ষ্টেডিয়ামত অহা নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনত অংশ ল’বলগীয়া আন দলসমূহ হ’ল– এ টি কে মোহনবাগান, মুম্বাই চিটী এফ চি, ওড়িশা এফ চি, নর্থ ইষ্ট ইউনাইটেড, হায়দৰাবাদ এফ চি, বাংগালুৰু এফ চি, চেন্নাইন এফ চি, এফ চি গোৱা, কেৰালা ব্লাষ্টার্ছ আৰু জামছেদপুৰ এফ চি৷

কলকাতাৰ আন এটা আগশাৰীৰ ক্লাব মোহন বাগানে আই এছ এলৰ তিনিবাৰৰ চেম্পিয়ন এ টি কেৰ সৈতে সংযুক্ত হৈ এইবাৰৰ আই এছ এলত অংশ ল’ব বুলি ইতিমধ্যে ঘোষণা কৰে৷