গৌতম গম্ভীৰ টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক

🔹 জল্পনা–কল্পনাৰ অন্ত পেলাই বিচিচিআইৰ আনুষ্ঠানিক ঘোষণা

বিশেষ বাৰ্তা, ১০ জুলাই : ভাৰতীয় ক্রিকেটত আৰম্ভ হ’ল গৌতম গম্ভীৰৰ যুগ৷ অন্ত পৰিল সকলো জল্পনা–কল্পনাৰ৷ ভবা মতেই গৌতম গম্ভীৰক ভাৰতীয় ক্রিকেট দলটোৰ মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিয়া হ’ল৷ মঙলবাৰে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে গৌতম গম্ভীৰক টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ জয় শ্বাহে ছ’চিয়েল মিডিয়াত লিখিছে– ‘অতি আনন্দৰে গৌতম গম্ভীৰক ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে আদৰণি জনাইছোঁ৷’ মন কৰিবলগীয়া যে সদ্যসমাপ্ত টি–২০ বিশ্বকাপৰ পিছতে ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষকৰ পৰা পদত্যাগ কৰে ৰাহুল দ্রাবিড়ে৷ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত টি–২০ বিশ্বকাপৰ পূর্বেই ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষক দ্রাবিড়ে কৈছিল যে তেওঁ আৰু প্রশিক্ষকৰ কার্যকাল বৃদ্ধি নকৰে৷ ফলত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে নতুন প্রশিক্ষকৰ সন্ধানত নামি পৰিছিল আৰু বিজ্ঞাপনো দিছিল৷ সদ্যসমাপ্ত আই পি এলত কলকাতা নাইট ৰাইডার্ছ চেম্পিয়ন হোৱাৰ পিছতে ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ আৰু সভাপতি ৰ’জাৰ বিন্নীয়ে কলকাতা দলটোৰ মেণ্টৰ গৌতম গম্ভীৰৰ সৈতে কথা–বতৰা পাতিছিল৷ গম্ভীৰেও টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক হোৱাৰ বাবে আগ্রহ প্রকাশ কৰিছিল৷ কলকাতা নাইট ৰাইডার্ছৰ বিষয়ববীয়াই সন্মতি দিয়াৰ পিছত প্রয়োজনীয় কাম–কাজ সম্পন্ন কৰে গম্ভীৰে৷ নির্ধাৰিত পদ্ধতি অনুসৰণ কৰি ব’ৰ্ডৰ ক্রিকেট পৰামর্শদাতাৰ সমিতিৰ সৈতে সাক্ষাৎকাৰ দিয়ে গম্ভীৰে৷ সূত্র অনুসৰি, তেওঁ সমিতিৰ সদস্যসকলক পাঁচটা চর্তৰ বিষয়ে অৱগত কৰে আৰু ব’ৰ্ডৰ বিষয়ববীয়াসকলে গম্ভীৰৰ চর্ত মানি লৈছিল৷ টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক পদৰ দৌৰত গৌতম গম্ভীৰৰ প্রতিদ্বন্দ্বী আছিল টীম ইণ্ডিয়াৰে প্রাক্তন খেলুৱৈ ডব্লিউ ভি ৰমন৷ অৱশেষত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা বাঁওহতীয়া বেটাৰ গৌতম গম্ভীৰক ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে৷ টীম ইণ্ডিয়াৰ শ্রীলংকা ভ্রমণৰ পূর্বে গম্ভীৰে ভাৰতীয় দলটোৰ প্রশিক্ষকৰ দায়িত্ব গ্রহণ কৰিব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে এই কথা উল্লেখ কৰে৷

Featured