গুৱাহাটীত এথলেটিকছ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ অসম এথলেটিক্ছ সন্থাৰ উদ্যোগত আৰু অসম চৰকাৰৰ ক্রীড়া বিভাগ, অসম ক্রীড়া প্রাধিকৰণ তথা অসম অলিম্পিক সন্থাৰ সহযোগত অহা ২ অক্টোবৰৰ গান্ধীজয়ন্তী উপলক্ষে গুৱাহাটীত অনুষ্ঠিত হ’ব এদিনীয়া প্রাইজমানী এথলেটিক্ছ প্রতিযোগিতা৷

অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে এই কথা জানিবলৈ দিছে৷ প্রতিযোগিতাৰ স্থান এই পর্যন্ত নির্ধাৰিত হোৱা নাই যদিও প্রতিযোগিতাখনত ২১ বছৰ অনূর্ধ্বৰ ল’ৰা–ছোৱালীয়ে ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ৪০০ মিটাৰৰ লগতে লং জাম্প আৰু হাই জাম্পত অংশ ল’ব পাৰিব৷

প্রথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত খেলুৱৈয়ে ক্রমে ১০ হাজাৰ, ৬ হাজাৰ আৰু ৪ হাজাৰ টকা লাভ কৰিব৷