আগন্তুক শ্ৰীলংকা ভ্ৰমণলৈ নাযাব পাৰে হাৰ্দিক পাণ্ডিয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুলাইঃ সদ্যসমাপ্ত টি-২০ বিশ্বকাপত হাৰ্দিক পাণ্ডিয়াই টীম ইণ্ডিয়াৰ হৈ অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। টি-২০ বিশ্বকাপৰ পাছত টীম ইণ্ডিয়াই জিম্বাবুৱে ভ্ৰমণ কৰে। এই ভ্ৰমণত টীম ইণ্ডিয়াৰ অধিকাংশ জ্যেষ্ঠ খেলুৱৈক জিৰণি দিয়া হৈছিল, য’ত হাৰ্দিক পাণ্ডিয়াও আছিল। এতিয়া মেন ইন ব্লু শ্ৰীলংকা ভ্ৰমণ কৰিব, য’ত জ্যেষ্ঠ খেলুৱৈসকল ঘূৰি অহাৰ সম্ভাৱনা আছে। কিন্তু প্ৰতিবেদনত প্ৰকাশ পাইছে যে হাৰ্দিক পাণ্ডিয়াই এই ভ্ৰমণৰ এদিনীয়া শৃংখলা খেলিব নোৱাৰে। ‘এক্সপ্ৰেছ স্প’ৰ্টছ’ত প্ৰকাশিত এক বাতৰি অনুসৰি হাৰ্দিক পাণ্ডিয়াই ব্যক্তিগত কাৰণত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে উপলব্ধ নহ’ব বুলি বিচিচিআইক অৱগত কৰিছে। ফিটনেছৰ বাবে হাৰ্দিকে এদিনীয়া শৃংখলাত খেলিব নোৱাৰিব পাৰে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰতিবেদনত কেৱল এদিনীয়া শৃংখলাৰ কথাহে কোৱা হৈছে। শ্ৰীলংকা ভ্ৰমণত অনুষ্ঠিত হ’ব এদিনীয়া আৰু টি-২০ শৃংখলা। এক সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে “এইটো এটা সূক্ষ্ম বিষয়। যুক্তিৰ দুয়োপক্ষত বিতৰ্ক চলি আছে আৰু এইদৰে সকলো একে পৃষ্ঠাতে নহয়। হাৰ্দিকৰ ফিটনেছ এটা ইছ্যু কিন্তু তেওঁ এটা গুৰুত্বপূৰ্ণ খেল খেলিছে।” অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য অহা নাই।