বিবাহ বিচ্ছেদ হ’ব হার্দিক পাণ্ডিয়া-নাটাছা ষ্টেনক’ভিকৰ!

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে’ : আইপিএলত চূড়ান্ত ব্যর্থ ক্রিকেটাৰ হার্দিক পাণ্ডিয়াৰ সাংসাৰিক জীৱনলৈও নামি আহিছে অঘটন৷ পত্নী নাটাছা ষ্টেনক’ভিকৰ সৈতে বিবাহ বিচ্ছেদ ঘটিব ভাৰতীয় ক্রিকেটাৰ হার্দিক পাণ্ডিয়াৰ৷ সামাজিক মাধ্যমত চর্চিত বাতৰি মতে সম্প্রতি হার্দিক আৰু নাটাছাৰ বৈবাহিক জীৱনত আউল লাগিছে৷ অর্থাৎ দুয়োগৰাকীয়ে বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে৷ ৰেডিট পোষ্টত প্রকাশ পোৱা তথ্য অনুসৰি হার্দিকৰ পত্নী নাটাছাই ইতিমধ্যে তেওঁলোকৰ পুৰণি ফটোসমূহ ইনষ্টাগ্রামৰ পৰা আঁতৰাই পেলাইছে৷ আনকি ইনষ্টাগ্রামৰ ইউজাৰ নেমৰ পৰাও নাটাছাই নামটো আঁতৰাইছে৷ এই বিবাহ বিচ্ছেদক লৈ হার্দিক আৰু নাটাছাই এতিয়ালৈকে সংবাদ মাধ্যমৰ সন্মুখত মুখ খোলা নাই৷ পুত্র অগষ্টৰ সৈতে তেওঁলোকৰ ফটো অৱশ্যে এতিয়াও সামাজিক মাধ্যমত আছে৷ মন কৰিবলগীয়া যে হার্দিক আৰু নাটাছাৰ বিবাহ বিচ্ছেদ হ’লে ক্রিকেটাৰগৰাকীয়ে বিচ্ছেদিত পত্নী নাটাছাক তেওঁৰ সম্পত্তিৰ ৭০ শতাংশ দিব লাগিব৷ অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া ২০২০ চনৰ ৩১ মে’ত অভিনেত্রী নাটাছা ষ্টেনক’ভিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ উক্ত বর্ষৰেই ৩০ জুলাইত দম্পতীহালে পুত্র সন্তানৰ গৌৰৱ অর্জন কৰিছে৷ ২০২৩ চনত ৩ বছৰৰ মূৰকত হার্দিক আৰু নাটাছাই উদয়পুৰত বিবাহৰ উৎসৱ পালন কৰিছিল৷ উদয়পুৰত ভেলেণ্টাইন ডে’ উপলক্ষে দম্পতীহালে বিবাহৰ ৩ বছৰৰ পিছত পার্টী দিছিল৷ খ্রীষ্টান আৰু হিন্দু পৰম্পৰাৰে দুবাৰকৈ বিবাহ কার্যসূচী অনুষ্ঠিত কৰিছিল দম্পতীহালে৷

Featured