বিশেষ বাৰ্তা, ৩১ মেঃ ক্রিকেটাৰ হার্দিক পাণ্ডিয়াক নতুনকৈ আৱিষ্কাৰ কৰিছে ২০২২-ৰ আইপিএলে। হার্দিকৰ বেটিং বা বলিং দক্ষতাক লৈ তেনে প্রশ্ন বিশেষ উঠা নাছিল। কিন্তু তেওঁৰ মাজত যে অধিনায়ক সত্ত্বাও লুকাই আছে, সেয়া এইবাৰৰ আইপিএলৰ আগতে কোনেও বুজিব পৰা নাছিল। আইপিএলৰ নতুন ফ্রেঞ্চাইজি গুজৰাট টাইটানছৰ অধিনায়ক হার্দিকৰ হাতত ধৰিয়েই বিজয় ট্রফী এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে টীমটোৱে। এতিয়া তেওঁ ক্রিকেটপ্রেমীৰ নয়নৰমণি। গুজৰাট টাইটানছৰ অধিনায়কজনে যি ফর্মতেই নাথাকক কিয়, ফিটনেছক লৈ খেলুৱৈজন সদাসতর্ক। সেই ক্ষেত্ৰত কোনো আপোচ নকৰে।
১) হার্দিকৰ পুৱাৰ আহাৰৰ তালিকাত থাকে সতেজ ফলৰ ৰস, সিজোঁৱা কণী-চিকেন, ফ্ৰুটছ চালাড তথা অলপকৈ তেলত ভজা তৰকাৰী। ইয়াৰ সমান্তৰালকৈ পুৱাৰ খাদ্য তালিকাত কিছু ড্রাই ফ্রুটছ ৰাখে।
২) দুপৰীয়াৰ আহাৰত ঘৰত বনোৱা খাদ্যই খাই ভাল পায়। হিচাপ মতে ভাত, ডাইল, এবাটি চালাড আৰু কম চৰ্বিৰ দৈ থাকে তেওঁৰ দুপৰীয়াৰ খাদ্য তালিকাত। হার্দিক গুজৰাটী পৰিয়ালৰ সন্তান। সেয়ে বিভিন্ন ধৰণৰ খিচিৰী তেওঁৰ বৰ প্রিয়। মাজে মাজে দুপৰীয়া খিচিৰীও খায়।
৩) শৰীৰৰ প্রটিনৰ চাহিদা পূৰণৰ বাবে হার্দিকে পনীৰ, মুৰ্গিৰ মাংস আৰু পিনাট বাটাৰৰ ওপৰত ভৰসা কৰে।
৫) ভাৰতীয় খাদ্যৰ ভিতৰত তেওঁৰ প্রিয় কি জানেনে? চিজ পাও ভাজি, পালেং শাক, ডাল তৰকা আৰু গুজৰাটী খিচিৰী সবাতোকৈ পছন্দৰ।