চেন্নাইত আজি হায়দৰাবাদ-ৰাজস্থানৰ মাজত মৰণপণ যুঁজ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মে’ : এলিমিনেটৰৰ বেংগালুৰুক চাৰি উইকেটত পৰাস্ত কৰি ফাইলেনৰ আশা সজীৱ কৰি ৰাখিছে ৰাজস্থান ৰয়েলছে৷ আজি কোৱালিফায়াৰ–২ত ৰিয়ান পৰাগৰ দলটোৱে ছানৰাজার্ছ হায়দৰাবাদৰ বিপক্ষে মৰণপন যুঁজত অৱতীর্ণ হ’ব৷ দুয়োটা দলৰ বাবে এই মেচখন গুৰুত্বপূর্ণ৷ কিয়নো মেচখনত যিটো দলে জয়লাভ কৰে সেই দলটোৱে চলিত আইপিএলৰ ফাইনেলত কলকাতা নাইট ৰাইডার্ছৰ বিপক্ষে খেলিবলৈ যোগ্যতা অর্জন কৰিব৷  শক্তিশালী বেংগালুৰুক পৰাজিত কৰি স্বাভাৱিকতে আত্মবিশ্বাসৰ তুংগত আছে ৰাজস্থান৷ চলিত প্রতিযোগিতাখনত দর্শনীয় প্রদর্শন অব্যাহত ৰখা ৰাজস্থানৰ বিজয়ত অন্যতম ভুমিকা গ্রহণ কৰি আহিছে অসম সন্তান ৰিয়ান পৰাগে৷  আজিৰ মেচখনতো ৰিয়ানৰ ওপৰত বহু পৰিমাণে ভৰসা কৰিব সঞ্জু ছেমছন নেতৃত্বাধীন দলটোৱে৷ উল্লেখ্য যে এইবাৰ ৰিয়ানে সুন্দৰ বেটিং শৈলীৰে ক্রিকেট অনুৰাগীৰ লগতে ভাৰতীয় নির্বাচকসকলৰো দৃষ্টি আকর্ষণ কৰিছে৷ সর্বাধিক ৰান সংগ্রহকাৰী বেটাৰৰ তালিকাত তেওঁ সম্প্রতি তৃতীয় স্থানত আছে৷ প্রথম স্থানত থকা বিৰাট কোহলিতকৈ তেওঁ ১৭৪ ৰানত পিছপৰি আছে যদিও আৰু দুখন মেচ খেলাৰ সুযোগ আছে৷ ৰাজস্থানৰ বলিং বিভাগো সমানেই শক্তিশালী আৰু হায়দৰাবাদৰ বিৰুদ্ধে আৰ অশ্বিনে বিধ্বংসী ৰূপ ল’ব পাৰে৷ অৱশ্যে বৰষুণৰ বাবে মেচ বাতিল হ’লে নেট ৰান ৰেটৰ ভিত্তিত হায়দৰাবাদে ফাইনেল খেলিব৷

Featured