ফ্রেন্স অ’পেনৰ খিতাপ জয় কৰি অভিলেখ ৰচিলে ইগাই

আজি পুৰুষৰ ছিংগলছৰ ফাইনেলত যুঁজিব জক’ভিচ–নাডালে

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ ফ্রেন্স অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ খিতাপ দখল কৰি পোলেণ্ডৰ প্রথমগৰাকী খেলুৱৈ হিচাপে অভিলেখ ৰচিলে ১৯ বছৰীয়া ইগা ছাইটিকে৷ ক’ৰোনাৰ আতংকৰ মাজতে পেৰিছত চলি থকা সন্মানীয় গ্রেণ্ডশ্লামখনৰ কালি মহিলা শাখাৰ ছিংগলছৰ ফাইনেল মেচখনত অবাছনিপ্রাপ্ত ইগাই চতুর্থ বাছনিৰ আমেৰিকাৰ ছ’ফিয়া কেনিনক পোনপটীয়াকৈ ৬–৪, ৬–১ ছেটত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷

মন কৰিবলগীয়া যে ৰোলা গাৰোত মহিলাৰ ছিংগলছৰ খিতাপ জয় কৰা ইগা হ’ল চতুর্থগৰাকী সর্বকনিষ্ঠ খেলুৱৈ৷ ইফালে, ২০০৭ চনত জাষ্টিন হেনিনৰ পিছত ফ্রেন্স অ’পেনৰ ফাইনেল মেচখনত এটাও ছেট নেহেৰুৱাকৈ খিতাপ দখল কৰা ইগা হ’ল প্রথমগৰাকী মহিলা খেলুৱৈ৷

আনহাতে, আজি হ’বলগীয়া পুৰুষ শাখাৰ ছিংগলছৰ খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব শীর্ষ বাছনিপ্রাপ্ত ন’ভাক জক’ভিচ আৰু ডিফেণ্ডিং চেম্পিয়ন তথা দ্বিতীয় বাছনিৰ ৰাফেল নাডালে৷ ছেমিত জক’ভিচে ষ্টেফান’ছ টিটছিপাছক ৬–৩, ৬–২, ৫–৭, ৪–৬, ৬–১ ছেটত আৰু ১২বাৰৰ ফ্রেন্স অ’পেনৰ চেম্পিয়ন নাডালে আর্জেণ্টিনাৰ ডিয়েগো শ্ব’ৱার্জমানক ৬–৩, ৬–৩, ৭–৬ ছেটত পৰাস্ত কৰে৷ উল্লেখ্য যে খিতাপ দখল কৰিব পাৰিলেই নাডালে ফেডেৰাৰৰ ২০সংখ্যক গ্রেণ্ডশ্লামৰ অভিলেখটোক স্পর্শ কৰিব৷