ভাৰত–ৱেষ্ট ইণ্ডিজৰ আজি প্রথম টি–২০

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ এদিনীয়া শৃংখলাত হোৱাইটৱাছ কৰাৰ পাছত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে আজি শৃংখলাৰ প্রথমখন টি–২০ মেচত অৱতীর্ণ হ’ব ৰোহিত শর্মাৰ টীম ইণ্ডিয়া৷ পাঁচখনীয়া শৃংখলাটোত ভাৰতে পূর্ণাংগ আৰু প্রথমশাৰীৰ দলটো খেলপথাৰত নমাব৷ টি–২০ বিশ্বকাপলৈ তিনি মাহৰো কম সময় থকা অৱস্থাত ভাৰতে মুঠ ১৬খন মেচ খেলিব৷ ইয়াৰে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ৫খন, এছিয়া কাপত ৫খন, তিনিখন অষ্ট্রেলিয়াৰ বিপক্ষে আৰু তিনিখন দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিব৷ কেৰিবিয়ান দলটোৰ বিপক্ষে প্রথম একাদশত অন্তর্ভুক্ত কৰা হৈছে ৰোহিত শর্মা, ঋষভ পণ্ট, সূর্য কুমাৰ যাদৱ, হার্দিক পাণ্ডিয়া আৰু দীনেশ কার্তিকৰ নিচিনা ৫গৰাকী বিশেষজ্ঞ বেটাৰ৷ ৱেষ্ট ইণ্ডিজৰ বিপক্ষে খেলিবলগা শৃংখলাটোত ৰোহিত বাহিনীক ফেভাৰিট হিচাপে ৰাখিছে বিশেষজ্ঞসকলে৷ এই শৃংখলাটোত উন্নত প্রদর্শন দাঙি ধৰিলে এছিয়া কাপত দললৈ বিৰাট কোহলিৰ প্রত্যাৱর্তন কঠিন হৈ পৰিব৷
খেলৰ সময়: নিশা ৮ বজা৷

Featured