কানপুৰত কাইলৈৰ পৰা ভাৰত-বাংলাদেশৰ দ্বিতীয় টেষ্ট

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ছেপ্টেম্বৰঃ কানপুৰত গ্রীণপার্ক ষ্টেডিয়ামত কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট৷ এই ষ্টেডিয়ামখন টীম ইণ্ডিয়াৰ অভেদ্য দূর্গ হিচাপে বিবেচিত হৈ আহিছে৷ কিয়নো বিগত প্রায় ৪১ বছৰ ধৰি এই খেলপথাৰত অপৰাজেয় হৈ আছে ভাৰতীয় দলটো৷ কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টখনতো জয়ৰ লক্ষ্যৰে নামিব ৰোহিত বাহিনী৷ ইতিমধ্যে শৃংখলাৰ প্রথমখন টেষ্টত জয়লাভ কৰি অগ্রগতি লাভ কৰা ভাৰতীয় দলটোৱে কানপুৰ টেষ্টতো বিজয় সাব্যস্ত কৰি শৃখলাটো ২–০ৰ ব্যৱধানত দখল কৰাৰ লক্ষ্য লৈছে৷ অৱশ্যে কানপুৰ টেষ্টত টীম ইণ্ডিয়াৰ মূল একাদশত সামান্য সালসলনি হোৱাৰ সম্ভাৱনা আছে৷ স্থানীয় খেলুৱৈ কুলদীপ যাদৱক মূল একাদশত অন্তর্ভুক্ত কৰাৰ অধিক সম্ভাৱনা আছে৷ অৱশ্যে কুলদীপক কাৰ স্থানত অন্তির্ভুক্ত কৰা হ’ব সেই সন্দর্ভত দলীয় মেনেজমেণ্টে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই যদিও আকাশদীপৰ স্থানত কুলদীপক মূল একাদশত লোৱাৰ সম্ভাৱনা আছে৷ ইফালে ভ্রমণকাৰী দল বাংলাদেশে টেষ্ট শৃংখলাটো ড্র কৰাৰ লক্ষ্য লৈছে৷ চেন্নাই টেষ্টত পৰাস্ত হোৱা বাংলাদেশে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় তথা অন্তিমখন টেষ্টত ভাৰতীয় দলটোক পৰাস্ত কৰাৰ বাবে ৰণ নীতি তৈয়াৰ কৰিছে৷ কানপুৰ টেষ্টত বাংলাদেশৰ মূল একাদশত কিছু সাল–সলনি হোৱাৰ সম্ভাৱনা আছে৷ বাওহতীয়া স্পিনাৰ তাইজুল ইছলাম আৰু অফ স্পিনাৰ নয়ীম হাছানক মূল একাদশত অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা আছে৷ ইপিনে কানপুৰ টেষ্টত বৰষুণে বিধি পথালি দিয়াৰ সম্ভাৱনা আছে৷ ষ্টেডিয়ামৰ লগতে সমীপৱর্তী এলেকাত সঘনাই সলনি হৈ আছে বতৰৰ ৰূপৰেখা৷ আজি পুৱাৰে পৰা অঞ্চলটোত আৰম্ভ হৈছে পাতলীয়া বৰষুণ৷

খেলৰ সময় : পুৱা ৯.৩০ বজাৰ পৰা

Featured