ষ্টেডিয়ামত থাকিব ৫০ শতাংশ দর্শক

ভাৰত–ইংলেণ্ডৰ আগন্তুক শৃংখলা

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ ভাৰত আৰু ইংলেণ্ডৰ মাজত অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট, এদিনীয়া আৰু টি–২০ শৃংখলাত ৫০ শতাংশ দর্শকক ষ্টেডিয়ামত প্রৱেশৰ অনুমতি দিয়াৰ সম্ভাৱনা আছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক সূত্রই আজি এই কথা জানিবলৈ দিছে৷ উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ ফলত বিগত বর্ষৰ মার্চ মাহৰ পৰা বন্ধ হৈ থকা ভাৰতীয় ক্রীড়া ক্ষেত্রখন আগন্তুক ক্রিকেট শৃংখলাৰ জৰিয়তে মুকলি হ’ব৷ বিগত বর্ষৰ জানুৱাৰী মাহতে ভাৰতৰ মাটিত অন্তিমখন আন্তঃৰাষ্ট্রীয় শৃংখলা অনুষ্ঠিত হৈছিল৷ মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে বিগত প্রায় এবছৰ ধৰি দেশত ক্রিকেটৰ লগতে আন কোনোধৰণৰ ক্রীড়া ইভেণ্ট অনুষ্ঠিত হোৱা নাই৷ মন কৰিবলগীয়া যে ইংলেণ্ডৰ বিৰুদ্ধে ৫ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ প্রথম দুখন মেচ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ একেদৰে তৃতীয় আৰু চতুর্থ টেষ্টৰ লগতে পাঁচখন মেচৰ টি–২০ শৃংখলা আহমেদাবাদৰ ম’টেৰা ক্রিকেট ষ্টেডিয়ামত খেলোৱা হ’ব৷ ইয়াৰ পিছতে পুনেত দল দুটাৰ মাজত তিনিখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব৷