ৰাঁচীত ৪৬ ৰানত পিছ পৰিল টীম ইণ্ডিয়া

🔹 প্রথম ইনিংছত ইংলেণ্ডৰ ৩৫৩-ভাৰতৰ ৩০৭
🔹 ধ্ৰুৱ জুৰেলৰ ৯০

বিশেষ বাৰ্তা, ২৫ ফেব্রুৱাৰী : ৰাঁচী টেষ্টত ৰানৰ বাবে সংগ্রাম কৰিবলগীয়া হয় টীম ইণ্ডিয়াই৷ ভ্রমণকাৰী দল ইংলেণ্ডৰ ৩৫৩ ৰানৰ প্রত্যুত্তৰত ভাৰতীয় ক্রিকেট দলটোৱে কালি দ্বিতীয় দিনা প্রথম ইনিংছ মুকলি কৰিবলৈ আহি বেটিং বিপর্যয়ৰ সন্মুখীন হয় আৰু সাতটাকৈ উইকেট হেৰুৱাই মাত্র ২১৯ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ দিনান্তত ধ্রুৱ জুৰেলে ৩০ আৰু কুলদীপ যাদৱে ১৭ ৰান কৰি ক্রিজত থাকে৷ হাতত তিনিটা উইকেট বাকী থকা অৱস্থাত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ প্রথম ইনিংছৰ ৰানতকৈ ১৩৪ ৰানত পিছপৰি থাকে৷ ৰাঁচী টেষ্টতো দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয় অধিনায়ক ৰোহিত শর্মা৷ অভিজ্ঞ অ’পেনাৰগৰাকীয়ে মাত্র ২ ৰান কৰি পেভিলিয়নমুখী হয়৷ দলীয় স্কৰ ৪ ৰানত ৰোহিত শর্মাই এণ্ডাৰছনৰ বলত বিদায় লয়৷ ৰোহিত শর্মাৰ বিদায়ৰ পিছত যশস্বী জয়ছোৱাল আৰু শুভমন গিলে ধীৰে সুস্থিৰে খেলি দলৰ বিপর্যয় ৰোধ কৰাৰ চেষ্টা চলায়৷ দুয়োৰে মাজত ৮২ ৰান সংগ্রহ হোৱাৰ সময়তে গিল পেভিলিয়নমুখী হয়৷ তাৰকা বেটাৰগৰাকীয়ে ৩৮ ৰানৰ অৱদান আগবঢ়ায়৷ ইফালে দুর্দান্ত ফর্মত থকা জয়ছোৱালে ৭৩ ৰানৰ দায়িত্বশীল ইনিংছ খেলি টীম ইণ্ডিয়াক বিপর্যয়ৰ পৰা কিছু পৰিমাণে উদ্ধাৰ কৰে৷ আউট হোৱাৰ পূর্বে জয়ছোৱালে ৰজত পাটিদাৰৰ সৈতে তৃতীয় উইকেটত ২৬ ৰান আৰু ৰবীন্দ্র জাদেজাৰ সৈতে চতুর্থ উইকেটত ১৮ ৰান সংগ্রহ কৰে৷ ইফালে, ৰাজকোট টেষ্টৰ দৰে ৰাঁচী টেষ্টতো ব্যর্থ হয় পাটিদাৰ৷ প্রতিভাৱান বেটাৰগৰাকীয়ে মাত্র ১৭ ৰানহে কৰে৷ আনহাতে অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাৰ লগতে ছৰফৰাজ খানেও বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ জাদেজাই ১২ আৰু ছৰফৰাছে ১৪ ৰান কৰি বিদায় লয়৷ ৰবিচন্দ্রন অশ্বিনেও ১ ৰানত পেভিলিয়নমুখী হয়৷ ১৭৭ ৰানতে ৭টাকৈ উইকেট হেৰুৱাই ভাৰতীয় দলটোৱে চৰম বিপর্যয়ত পৰে যদিও জুৰেল ৯০ আৰু কুলদীপে ২৮ ৰান কৰি টীম ইণ্ডিয়াৰ স্ক’ৰ ৩০৭ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ ছোৱাইব বাছিৰে সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে হার্টলেই ৩টা আৰু এণ্ডাৰছনে ২টা উইকেট লাভ কৰে৷

Featured