‘অল উইন’ ৰেকর্ডেৰে বিশ্বকাপৰ ছেমিত ভাৰত

বিশেষ বাৰ্তা, ১৩ নৱেম্বৰ : দীপাৱলীৰ দিনা বেংগালুৰুত নেদাৰলেণ্ডছক ১৬০ ৰানত পৰাস্ত কৰি বিশ্বকাপত গ্রুপৰ আটাইকেইখন মেচত জয়লাভেৰে ছেমিফাইনেল খেলাৰ নজিৰ গঢ়িলে ভাৰতে৷ প্রথমে বেটিং কৰি ভাৰতীয় দলটোৱে চাৰি উইকেটত সংগ্রহ কৰে ৪১০ ৰান৷ ভাৰতৰ প্রথম পাঁচগৰাকী বেটাৰৰ ভিতৰত তিনিজনে অর্ধশতৰান আৰু দুজনে কৰে শতৰান৷ এদিনীয়া ক্রিকেটৰ ইতিহাসত ইয়াৰ পূর্বে এনে ঘটনা ঘটা নাছিল৷ ভাৰতৰ পর্বতসম ৰান অতিক্রম কৰিবলৈ গৈ ৪৭.৫ অ’ভাৰত ২৫০ ৰানতে শেষ হয় নেদাৰলেণ্ডছৰ ইনিংছ৷ প্রথম ৮খন মেচত কোনোধৰণৰ পৰীক্ষা–নিৰীক্ষা নকৰা ৰোহিত শর্মাই আজি ষষ্ঠ বলাৰৰ অভাৱত হাত ঘূৰাবলৈ দিয়ে বিৰাট কোহলি, শুভমন গিল আৰু সূর্য কুমাৰ যাদৱক৷ বিৰাটৰ লগতে অধিনায়কগৰাকীয়ে নিজেও দখল কৰে উইকেট৷ নেদাৰলেণ্ডছৰ বিৰুদ্ধে যেন ছেমিফাইনেলৰ অনুশীলন কৰিলে ভাৰতে৷ বেংগালুৰুৰ গ্রাউণ্ড সৰু হোৱাৰ লগতে বেটিং পিটচ হোৱাত দুর্বল নেদাৰলেণ্ডছৰ বলাৰসকলক বিধ্বস্ত কৰে ভাৰতীয় বেটাৰে৷ ঘৰুৱা খেলপথাৰত চলিত বিশ্বকাপৰ প্রথমটো শতৰান অর্জন কৰে কে এল ৰাহুলে৷ ৬৪টা বলত ১০২ ৰান কৰি তেওঁ ৰোহিতৰ অভিলেখ ভাঙি বিশ্বকাপত ভাৰতৰ হৈ দ্রুততম শতৰান অর্জন কৰে৷ শ্রেয়াছ আয়াৰেও ৯৪ বলত ১২৮ ৰানৰ এটা সুন্দৰ ইনিংছ খেলে৷ চতুর্থ উইকেটত তেওঁলোকে ২০৮ ৰান যোগ দিয়ে৷ ইয়াৰ পূর্বে ৰোহিত শর্মা আৰু শুভমন গিলে অর্ধশতৰানেৰে দলক সুন্দৰ আৰম্ভণি দিয়ে৷ শুভমনে ৩২টা বলত ৫১ ৰান কৰাৰ বিপৰীতে অধিনায়কগৰাকীয়ে ৮৪ বলত কৰে ৬১ ৰান৷ দলটোৱে ৫০ অ’ভাৰত ৫টা উইকেট হেৰুৱাই চলিত বিশ্বকাপত সর্বাধিক ৰান সংগ্রহ কৰে৷ বিশাল লক্ষ্য সন্মুখত লৈ নেদাৰলেণ্ডছৰ অ’পেনাৰ বাৰেছি শীঘ্রে উভতি যায়৷ অৱশ্যে আৰম্ভণিত শীর্ষ চাৰিগৰাকী বেটাৰে ভাল খেলে৷ ৪৫ ৰান কৰে ছাইব্রেণ্ড এঞ্জেল ব্রেটছে৷ বিশ্বকাপত দেশখনৰ হৈ সফল অধিনায়ক এডৱার্ডছক ১৭ ৰানত বিদায় দিয়ে কোহলিয়ে৷ ৭ নম্বৰত দ্রুত ৰান সংগ্রহৰ চেষ্টা কৰা নিডামানুৰুৱে ৩৯টা বলত ৫৪ ৰান কৰে৷ বিৰাটৰ পিছত এদিনীয়া বিশ্বকাপত উইকেট দখলৰ কৃতিত্ব অর্জন কৰে অধিনায়ক ৰোহিত শর্মাই৷ নিজৰ প্রথম অ’ভাৰতে তেওঁ বিপক্ষ দলটোৰ সর্বাধিক ৰান সংগ্রহকাৰী তেজাক বিদায় দি দলৰ বিজয় নিশ্চিত কৰে৷ অৱশ্যে ইয়াৰ পিছতো আত্মসমর্পণ নকৰিলে নেদাৰলেণ্ডছে৷ শেষলৈকে যুঁজ দি যোৱা দলটোৱে শক্তিশালী ভাৰতৰ বিপক্ষে ৰান সংখ্যা ২৫০লৈ আগুৱাই নিয়ে৷ ভাৰতৰ পেচ বলাৰ যশপ্রীত বুমৰাহে ৩৩ ৰানত দুটা উইকেট আৰু স্পিনাৰ কুলদীপ যাদৱে ৪১ ৰানত দখল কৰে দুটা উইকেট৷ লীগৰ আটাইকেইখন মেচতে জয়লাভ কৰি অভিলেখসহ ছেমিফাইনেলত প্রৱেশ কৰা ভাৰত বুধবাৰে নিউজিলেণ্ডৰ বিপক্ষে অৱতীর্ণ হ’ব৷

Featured