টেষ্ট ৰেংকিঙৰ শীর্ষ স্থান হেৰুৱালে টীম ইণ্ডিয়াই

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ মে’ : আইচিচিৰ বার্ষিক ৰেংকিং তালিকা প্রকাশ কৰিলে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷ দীর্ঘদিন ধৰি টেষ্ট ৰেংকিঙৰ শীর্ষ স্থান দখল কৰি থকা ভাৰতীয় ক্রিকেট দলটোৱে অৱশেষত সিংহাসনচ্যুত হ’ল৷ টীম ইণ্ডিয়াক আঁতৰাই শীর্ষ স্থানটো দখল কৰিলে অষ্ট্রেলিয়াই৷ অৱশ্যে এদিনীয়া আৰু টি–২০ৰ দলীয় ৰেংকিঙত শীর্ষস্থান অক্ষুণ্ণ ৰাখিছে টীম ইণ্ডিয়াই৷ শুকুৰবাৰে প্রকাশ পাইছে আইচিচিৰ দলীয় ৰেংকিং তালিকাৰ বার্ষিক আপডেট৷ তাত অষ্ট্রেলিয়াই ৩০খন টেষ্টত ৩৭১৫ পইণ্ট লাভ কৰি টেষ্ট ৰেংকিঙৰ শীর্ষ স্থানটো দখল কৰে৷ অষ্ট্রেলিয়াৰ ৰেটিং পইণ্ট হৈছে ১২৪৷ ভাৰতে ১২০ পইণ্ট ৰেটিং পইণ্টৰে দ্বিতীয় স্থানত আছে৷ ৰোহিত শর্মা বাহিনীয়ে ২৬খন টেষ্টৰ পৰা ৩১০৮ পইণ্ট সংগ্রহ কৰিছে৷ তৃতীয়ৰ পৰা পঞ্চম স্থানত আছে ক্রমে ইংলেণ্ড, দক্ষিণ আফ্রিকা আৰু নিউজিলেণ্ড৷ পাকিস্তানে ষষ্ঠ স্থানলৈ অৱনমিত হৈছে৷ বিগত বছৰৰ জুনত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে অষ্ট্রেলিয়াৰ হাতত পৰাস্ত হোৱাত বার্ষিক ৰেংকিঙত প্রভাৱ পৰে৷ অৱশ্যে টি–২০ আৰু এদিনীয়াত শীর্ষস্থানটো নিজৰ দখলতে ৰাখিছে ভাৰতে৷ এদিনীয়াত তেওঁলোকৰ ৰেটিং পইণ্ট হৈছে ১২২৷ আনহাতে টি–২০ত ২৬৪ ৰেটিং পইণ্ট৷ টি–২০ত দ্বিতীয় স্থানত আছে অষ্ট্রেলিয়া৷ তৃতীয় স্থানলৈ অৱনমিত হ’ল ইংলেণ্ড৷ দুটা স্থান আগুৱাই দক্ষিণ আফ্রিকাই চতুর্থ স্থানলৈ উন্নীত হয় যদিও এটা স্থান পিছুৱাই পঞ্চমলৈ অৱনমিত হয় নিউজিলেণ্ড৷

Featured