সৰুসজাইত আফগানিস্তানৰ হাতত পৰাস্ত ভাৰতীয় দল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডত প্রৱেশ কৰাৰ পথ কঠিন হৈ পৰিল সুনীল ছেত্রী নেতৃত্বাধীন ভাৰতীয় ফুটবল দলটোৰ৷ প্রতিযোগিতাখনৰ তৃতীয় ৰাউণ্ডত প্রৱেশ কৰাৰ বাবে মেচখনত ভাৰতীয় দলটোক বৃহৎ ব্যৱধানত জয়ৰ প্রয়োজন আছিল৷ কিন্তু সেয়া সম্ভৱ নহ’ল সুনীল ছেত্রী বাহিনীৰ৷ গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ গ্রুপ ‘এ’ দ্বিতীয় ৰাউণ্ডৰ বিজয় অপৰিহার্য মেচখনত ঘৰুৱা দল ভাৰতে দুর্বল আফগানিস্তানৰ হাতত ২–১ গ’লৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে৷ মেচখনত প্রত্যয়জনক আৰম্ভণি কৰিছিল ভাৰতীয় দলটোৱে৷ ঘৰুৱা দর্শকৰ সন্মুখত উজ্জীৱিত খেল দাঙি ধৰে মেন ইন ব্লুৱে৷ গ’লৰ সন্ধানত থকা ভাৰতীয় দলটোৱে ৩৮ মিনিটত এক পেনাল্টী লাভ কৰে৷ কেৰিয়াৰৰ ১৫০সংখ্যক মেচত অংশগ্রহণ কৰা ভাৰতীয় দলটোৰ অধিনায়ক সুনীল ছেত্রীয়ে ইয়াক গ’ললৈ কার্যকৰী কৰে আৰু দলটোক ১–০ গ’লত গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ আন্তঃৰাষ্ট্রীয় কেৰিয়াৰত সুনীল ছেত্রীৰ এয়া আছিল ৯৪সংখ্যক গ’ল৷ প্রথমার্ধত ১–০ গ’লত আগবাঢ়ি থকা ভাৰতীয় দলটোৱে দ্বিতীয়ার্ধৰ আৰম্ভণিতে গ’লৰ ব্যৱধান বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিছিল৷ মনবীৰ সিঙে গ’ল স্ক’ৰ কৰাৰ এক সুন্দৰ সুযোগ নষ্ট কৰে৷ মোহন বাগানৰ এইগৰাকী খেলুৱৈয়ে দুয়োটা অর্ধতে দুটাকৈ সুযোগ নষ্ট কৰে৷ ফলত ইয়াৰ মূল্য ভৰিবলগীয়া হয় ভাৰতীয় দলটোৱে৷ ১৮ মিনিটৰ ব্যৱধানত দুটাকৈ গ’ল স্ক’ৰ কৰি আফগানিস্তানে মেচখন ভাৰতীয় দলটোৰ পৰা কাঢ়ি লৈ যায়৷ ৭০ মিনিটত ৰহমত আকবাৰীয়ে শক্তিশালী শ্বটেৰে গ’ল স্ক’ৰ কৰি মেচখন ১–১ত সমতা স্থাপন কৰে৷ ইয়াৰ ঠিক ৬ মিনিট পাছতে আফগানিস্তানৰ চিকন্দাৰীয়ে ভাৰতীয় দলৰ গ’লবক্সলৈ তীব্র শ্বট লয় যদিও গ’লৰক্ষক গুৰপ্রীত সিঙে ইয়াক প্রতিহত কৰি নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে মেন ইন ব্লুক৷ খেলখন ক্রমান্বয়ে ড্রৰ দিশে আগবাঢ়িছিল যদিও নির্ধাৰিত সময়ৰ ২ মিনিট বাকী থকা অৱস্থাত ভাৰতীয় দলটোৰ গ’লৰক্ষক গুৰপ্রীত সিঙে গ’লবক্সত ফাউল কৰাত আফগানিস্তানে পেনাল্টী লাভ কৰে৷ শ্বৰীফ মুখম্মদে ইয়াক গ’ললৈ কার্যকৰী কৰি আফগানিস্তানক ২–১ গ’লত অগ্রগতি প্রদান কৰাই নহয়, দলৰ জয়তো মুখ্য ভূমিকা পালন কৰে৷ পৰৱর্তী সময়ত ভাৰতীয় দলটোৱে গ’লটো পৰিশোধ কৰাৰ বাবে আফগানিস্তানৰ গ’লবক্সত উপর্যুপৰি আক্রমণ ৰচে যদিও সফলতাৰ মুখ নেদেখিলে আৰু পৰাজয়ৰ গ্লানি লৈ খেলপথাৰ ত্যাগ কৰে সুনীল ছেত্রী বাহিনীয়ে৷ ভাৰতে এতিয়ালৈকে চাৰিখন মেচ খেলি এখনত জয়, দুখনত পৰাজয় আৰু এখন ড্র খেলি মুঠ ৪ পইণ্টেৰে গ্রুপ ‘এ’ৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে৷

Featured