অন্তিম T20: টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত বিৰাট কোহলিৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ প্রথম দুয়োখন মেচতে বিজয় সাব্যস্ত কৰি ২–০ৰ অগ্রগতিৰে শৃংখলাটো হস্তগত কৰিবলৈ সক্ষম হোৱা ভাৰতীয় দলটোৱে  আজিৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ ইচ্ছা প্রকাশ কৰিছে৷

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে টছত জয়ী হৈ বৰ্তমান বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে প্রথম দুয়োখন মেচত দর্শনীয় বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা কোহলি বাহিনীয়ে টি–২০ শৃংখলাটোত ক্লীন ছুইপ কৰিব পাৰিব বুলি আশাবাদী৷ আজিৰ মেচখনত দলটোত কোনোধৰণৰ সালসলনি নহয় বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে কয় যে বর্তমান সতীর্থসকলৰ মনোবল তুংগত আছে৷