শ্রীলংকাত ভাৰতীয় ক্রিকেট দল

🔹 ২৭ জুলাইৰ পৰা সিংহলী বাহিনীৰে টি–২০ শৃংখলা

বিশেষ বাৰ্তা, ২৩ জুলাই : দ্বিপাক্ষিক টি–২০ শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে কালি শ্রীলংকা অভিমুখে ৰাওনা হয় ১৫জনীয়া ভাৰতীয় ক্রিকেট দল৷ মুম্বাইৰ পৰা কলম্বোলৈ বিমানেৰে ৰাওনা হয় সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া৷ ২৭ জুলাইৰ পৰা ঘৰুৱা দল শ্রীলংকাৰ বিপক্ষে তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোত অংশগ্রহণ কৰিব টীম ইণ্ডিয়াই৷ টি–২০ শৃংখলাটো সমাপ্তিৰ পিছতে ভাৰতীয় দলটোৱে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাত ভাগ ল’ব৷ মন কৰিবলগীয়া যে টি–২০ শৃংখলাৰ বাবে ভাৰতীয় দলটোত স্থান লাভ কৰা সাতজন খেলুৱৈয়ে প্রথমবাৰৰ বাবে শ্রীলংকাৰ মাটিত খেলিব৷ ক্রিকেটাৰৰ তালিকাত অসমৰ তাৰকা খেলুৱৈ ৰিয়ান পৰাগো আছে৷ শেহতীয়াকৈ জিম্বাব’ৱে ভ্রমণত ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্রীয় ক্রিকেটত অভিষেক ঘটাইছিল ৰিয়ান পৰাগে৷ অৱশ্যে শৃংখলাটোৰ মাত্র দুখন মেচতহে ৰিয়ানে খেলাৰ সুযোগ লাভ কৰিছিল আৰু মেচ দুখনত আশানুৰূপ প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ আনহাতে, শৃংখলাটোৰ অন্তিমখন মেচত ৰিয়ানে আন এক সুযোগ লাভ কৰিছিল৷ মেচখনত অসম-সন্তানগৰাকীয়ে সঞ্জু ছেমছনৰ সৈতে এক গুৰুত্বপূর্ণ যুটি বান্ধিছিল যদিও ব্যক্তিগতভাৱে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হৈছিল৷ এই ব্যর্থতাৰ পিছত ৰিয়ানে ভাৰতীয় দলত পুনৰ স্থান লাভৰ বাবে কিছুদিন অপেক্ষা কৰিব লাগিব বুলি ভবা হৈছিল যদিও বিচিচিআইৰ নির্বাচক সমিতিয়ে ৰিয়ানৰ ওপৰত আস্থা প্রকাশ কৰি শ্রীলংকা ভ্রমণৰ বাবে এদিনীয়া আৰু টি–২০ দুয়োটা দলতে স্থান দিয়ে৷ টি–২০ত জাতীয় দলৰ হৈ অভিষেক ঘটোৱা ৰিয়ানে এতিয়া এদিনীয়াতো অভিষেকৰ সুযোগৰ বাবে অপেক্ষা কৰিব৷ ইফালে, খলিল আহমেদ, যশস্বী জয়ছোৱাল, ৰিংকু সিং, শিৱম ডুবে, অর্শদীপ সিং আৰু ৰবি বিষ্ণয়ে প্রথমবাৰৰ বাবে শ্রীলংকাৰ মাটিত খেলিব৷

Featured