সহজ জয়েৰে টি–২০ বিশ্বকাপত অভিযান ভাৰতৰ

🔹 ৮ উইকেটত হাৰিল আয়াৰলেণ্ড : হার্দিকৰ তিনিটা উইকেট

বিশেষ বাৰ্তা, ৬ জুন : টীম ইণ্ডিয়াই সহজ জয়েৰে টি–২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিছে৷ নিউয়র্কত অনুষ্ঠিত গ্রুপ ‘এ’ৰ ল’ স্ক’ৰিং মেচখনত টীম ইণ্ডিয়াই আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে৷ মেচখনত আয়াৰলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ৯৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক ৰোহিত শর্মাৰ ৫২ আৰু ঋষভ পণ্টৰ অপৰাজিত ৩৬ ৰানৰ সহায়ত ভাৰতে ১২.২ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ৰোহিতে ৫২ ৰান কৰি ৰিটায়ার্ড হার্ট হয়৷ ইফালে, কোহলিয়ে ১ আৰু সূর্য কুমাৰ যাদৱে মাত্র দুই ৰান কৰি পেভিলিয়নমুখী হয়৷ দলীয় স্ক’ৰ ২২ ৰানতে কোহলিৰ ৰূপত ভাৰতে প্রথমটো উইকেট হেৰুৱায়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি হার্দিক পাণ্ডিয়া, যশপ্রীত বুমৰাহ আৰু অর্শদ্বীপ সিঙৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ আয়াৰলেণ্ডে ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৯৬ ৰানহে কৰিবলৈ সক্ষম হয়৷ দলটোৰ মাত্র চাৰিগৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰে৷ গাৰেথ ডেলানিয়ে সর্বাধিক ২৬ ৰান কৰে৷ অপেনাৰদ্বয় এণ্ডি বলবীৰনি (৫) আৰু অধিনায়ক পল ষ্টিৰলিং (২) সম্পূর্ণৰূপে ব্যর্থ হয়৷ টীম ইণ্ডিয়াৰ হৈ হার্দিক পাণ্ডিয়াই সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে অর্শদ্বীপ সিং আৰু যশপ্রীত বুমৰাহ উভয়ে দুটাকৈ, মহম্মদ চিৰাজ আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়৷

Featured