নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ ইউএইত অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ লীগ আইপিএলৰ প্রথমটো সপ্তাহত দেখিবলৈ পোৱা নাযাব ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ তাৰকাসকলক৷ কিয়নো ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ খেলুৱৈসকলে ১৬ ছেপ্ঢেম্বৰপর্যন্ত এদিনীয়া শৃংখলাত ব্যস্ত থাকিব৷ উল্লেখ্য যে ইংলেণ্ড আৰু অষ্ট্রেলিয়াই ৪, ৬ আৰু ৮ ছেপ্ঢেম্বৰত তিনিখন টি–২০ আৰু ১১, ১৩ আৰু ১৬ ছেপ্ঢেম্বৰত তিনিখন মেচৰ এদিনীয়া শৃংখলাত অৱতীর্ণ হ’ব৷ দল দুটাই ১৬ ছেপ্ঢেম্বৰত শৃংখলাৰ অন্তিমখন মেচ খেলাৰ পিছত খেলুৱৈসকলে ১৮ ছেপ্ঢেম্বৰত আইপিএলৰ বাবে ইউএইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পিছতে ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ খেলুৱৈসকলে আইপিএল কর্তৃপক্ষৰ এছ’পি অনুসৰি বাধ্যতামূলক ছদিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব৷
এই সময়ছোৱাত তেওঁলোকৰ তিনিটা ক’ৰোনা টেষ্ট সম্পন্ন হ’ব আৰু ইয়াৰ ফলাফল নিগেটিভ হ’লে অনুশীলনত নমাৰ সুযোগ পাব৷ ইয়াৰ ফলত অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈসকলে আইপিএলৰ প্রথমটো সপ্তাহত খেলিব নোৱাৰাটো একপ্রকাৰ নিশ্চিত৷ দেশ দুখনৰ তাৰকাৰ অনুপস্থিতিৰ ফলত আইপিএলত সর্বাধিক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৰাজস্থান ৰয়েলছৰ৷ কিয়নো দলটোত আছে ষ্টিভেন স্মিথ, জ’ছ বাটলাৰ, বেন ষ্ট’কছ আৰু জোফ্রা আর্চাৰৰ দৰে বিদেশী তাৰকা৷ একেদৰে ছানৰাইজার্ছ হায়দৰাবাদৰ সৈতে ডেভিদ ৱার্নাৰ আৰু কলকাতা নাইট ৰাইডার্ছৰ সৈতে পেট কামিন্স জড়িত হৈ আছে৷ উল্লেখ্য যে আইপিএলৰ মুঠ ৮টা দলত ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ প্রায় ২৯গৰাকী খেলুৱৈ আছে৷ ইফালে, ক্রিকেট অষ্ট্রেলিয়াই অহা মাহৰ ইংলেণ্ড ভ্রমণৰ বাবে আজি এদিনীয়া দলটো ঘোষণা কৰিছে৷ ৪ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই ভ্রমণৰ বাবে ঘোষিত অষ্ট্রেলিয়া দলটোলৈ প্রত্যাৱর্তন ঘটিছে তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলৰ৷