IPL: মুম্বাইৰ সন্মুখত আজি ৰাজস্থান ৰয়েলছ

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ একেৰাহে দুখন মেচত পৰাজয়ৰ সন্মুখীন হোৱা ৰাজস্থান ৰয়েলছ চলিত আই পি এলত কাইলৈ আত্মবিশ্বাসী মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব৷ ডুবাই ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ষ্টিভেন স্মিথ নেতৃত্বাধীন দলটোৱে ব্যাপক সালসলনিৰে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷

বিশেষকৈ বিগত চাৰিখন মেচত দুর্বল প্রদর্শন দাঙি ধৰা অসম সন্তান ৰিয়ান পৰাগ, অভিজ্ঞ মিডল অর্ডাৰ বেটছমেন ৰবীন উথাপ্পা আৰু বাঁওহতীয়া বেগী বলাৰ জয়দেৱ উনাডকাট কাইলৈৰ মেচত বাদ পৰাৰ সম্ভাৱনা স্পষ্ট হৈছে৷ অধিনায়ক ষ্টিভেন স্মিথে দলৰ শেহতীয়া প্রদর্শনত উদ্বিগ্নতা প্রকাশ কৰি আজি কিছু সালসলনি ঘটোৱাৰ ইংগিত দিছে৷

সেই অনুসৰি ৰিয়ানৰ স্থানত প্রতিভাৱান বাঁওহতীয়া বেটছমেন যশস্বী জয়ছোৱাল, উথাপ্পাৰ স্থানত মনন ভ’ৰা আৰু উনাডকাটৰ স্থানত বৰুণ আৰন অথবা কার্তিক ত্যাগীক সুযোগ দিয়াৰ সম্ভাৱনা আছে৷

অ’পেনাৰ জ’ছ বাটলাৰৰ দুর্বল ফর্মেও দলক চিন্তাত ৰাখিছে৷ তেওঁ শেহতীয়া তিনিখন মেচত মাত্র ৪৭ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ একেদৰে অধিনায়ক স্মিথ আৰু সঞ্জু ছেমছনেও বিগত দুখন মেচৰ ব্যর্থতাৰ পিছত আজি দীঘলীয়া ইনিংছ খেলাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷

ইফালে, শেহতীয়া দুয়োখন মেচত চমকপ্রদ জয়েৰে সম্প্রতি পইণ্ট তালিকাৰ শীর্ষস্থানত থকা মুম্বাই ইণ্ডিয়ানছে পুনৰ এবাৰ শক্তিৰ পৰিচয় দিবলৈ সাজু হৈছে৷ অধিনায়ক ৰোহিত শর্মা, মিডল অর্ডাৰ বেটছমেন কিৰণ পোলার্ড, ঈশান কিশন আৰু হার্দিক পাণ্ডিয়াৰ দুর্দান্ত ফর্মে দলটোক আত্মবিশ্বাসী কৰি ৰখাৰ সময়তে অ’পেনাৰ কুইণ্টন ডি ক’কেও শেহতীয়া মেচখনত ফর্ম উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ বলিঙত ষ্টিভেন স্মিথ, জ’ছ বাটলাৰ আৰু সঞ্জু ছেমছনক প্রতিহত কৰিবলৈ সাজু হৈ আছে যশপ্রীত বুমৰাহ, জেমছ পেটিনছন আৰু ট্রেণ্ট ব’ল্ট৷

খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

Featured