আইপিএল : গুৱাহাটীত যুদ্ধকালীন প্রস্তুতি ৰাজস্থান ৰয়েলছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ এপ্ৰিলঃ অহা ১৫ আৰু ১৯ মে’ত গুৱাহাটীত হ’বলগা আইপিএলৰ মেচ দুখনৰ বাবে সম্প্রতি যুদ্ধকালীন প্রস্তুতি চলিছে বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত৷ স্মর্তব্য যে সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্রথম মেচত পঞ্জাব কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত দলটো মুখামুখি হ’ব কলকাতা নাহটৰাইডার্ছৰ৷ গুৱাহাটীক দ্বিতীয় গৃহভূমি ৰূপে লোৱা ৰাজস্থান ৰয়েলছৰ বাবে এই দুখন মেচ হ’ব অন্তিম ঘৰুৱা মেচ৷ এতিয়ালৈকে খেলা ৯খন মেচৰ ৮খনতে জয়লাভ কৰি ১৬ পইণ্টেৰে তালিকাৰ শীর্ষত থকা ৰাজস্থান ৰয়েলছে অহা ১৩ মে’ত গুৱাহাটীত উপস্থিত হ’ব৷ কিন্তু গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ৰয়েলছে ইতিমধ্যে দর্শকক আদৰণি জনোৱাৰ বাবে যাৱতীয় প্রস্তুতি আৰম্ভ কৰিছে৷ এচিএ ষ্টেডিয়ামত উপস্থিত থাকি ৰাজস্থান ৰয়েলছৰ মুখ্য কার্যবাহী বিষয়া জেক লুছ মেকক্রামে দলটোৰ পৰিচালনা সদস্যসকলৰ সৈতে বিভিন্ন প্রস্তুতিমূলক কামৰ উপাদানৰ ৰূপৰেখা আৰু কার্যকৰী দিশ নিৰীক্ষণ কৰিছে৷ দ্বিতীয়বাৰৰ বাবে ৰয়েলছ দল উত্তৰ–পূবলৈ ঘূৰি অহা সন্দর্ভত মন্তব্য প্রকাশ কৰি আজি গুৱাহাটীত মেকক্রামে কয়, ‘আমি অতিশয় উৎফুল্লিত হৈছোঁ যে এইবাৰ পুনৰ গুৱাহাটীলৈ ঘূৰি আহি দুখনকৈ ঘৰুৱা মেচ খেলিবলৈ আমি সাজু হৈছো৷ এচিএ ক্রিকেট ষ্টেডিয়াম দেশৰ অন্যতম শ্রেষ্ঠ আৰু যোৱা ছিজনত আমাৰ খেলুৱৈসকলে গুৱাহাটীত উত্তৰ–পূবৰ অনুৰাগীৰ আৱেগিক সমর্থনত এক সুন্দৰ পৰিৱেশত খেলি আনন্দিত হৈছিল৷ সেই পৰিৱেশ এইবাৰো সৃষ্টি কৰিবলৈ আমি ইতিমধ্যে কাম কৰিছোঁ৷ আমাৰ সমর্থকসকলক কেনেদৰে খেল আৰু অন্যান্য দিশত আনন্দময় এক বাতাৱৰণ যোগান ধৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ৷’ আজি এচিএ ষ্টেডিয়ামত প্রস্তুতিৰ বুজ লৈ মেকক্রামে লগতে কয়, ‘যোৱা বছৰ গুৱাহাটীত হৈ যোৱা দুয়োখন মেচতে ইমানেই ইতিবাচক দিশ আছিল যে সেয়া স্বাভাৱিকতে আমাৰ বাবে স্মৰণীয়৷ অনুৰাগীৰ নিজৰ দলটোৰ প্রতি মৰম তথা সমর্থনত আমি আনন্দিত হৈছিলোঁ৷ ইফালে, ষ্টেডিয়ামৰ প্রস্তুতিৰ লগতে গুৱাহাটী চহৰতো আৰম্ভ হৈছে আইপিএলৰ ব্যাপক উৎসাহ৷ মহানগৰীৰ চিটী চেণ্টাৰ মলত বর্তমান ৰাজস্থান ৰয়েলছৰ অনুৰাগী জ’ন মুকলি কৰা হৈছে৷ অনুৰাগীয়ে ভিৰ কৰিছে ছেল্ফি জ’নত৷ অগমেণ্টেড ৰিয়েলিটী জ’নৰ জৰিয়তে নিজৰ প্রিয় দলটোৰ সৈতে ঘনিষ্ঠ অনুভৱ কৰাৰ সুযোগ লাভ কৰিছে৷ প্রতিদিনে নিশা ৯ বজাৰ পৰা ১০ বজালৈ অনুৰাগীসকলে চিটী চেণ্টাৰ ভ্রমণ কৰি এক পৃথক অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব৷ ইফালে, গুৱাহাটীত হ’বলগা দুয়োখন মেচৰে অনুৰাগীৰ বাবে অনলাইনত টিকট মুকলি কৰা হৈছে৷ ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকেটিং পার্টনাৰ বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ দর্শকে টিকট ক্রয় কৰিব পাৰিব৷ লিংক হ’লঃhttps://in.bookmyshow.com/sports/barsapara-cricket-stadium-Guwahati/ET00354767.

Featured