সন্মুখত আয়াৰলেণ্ড : অ’পেনিং যুটিক লৈ দোধোৰ-মোধোৰত মেন-ইন-ব্লু

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুনঃ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত চলি থকা টি-২০ বিশ্বকাপত আজি অভিযান আৰম্ভ কৰিব ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ নিউয়র্কৰ নাছাউ কাউণ্টী আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত আৰম্ভ হ’বলগীয়া মেচখনত ভাৰতীয় দলটোৰ প্রতিদ্বন্দ্বী হ’ল আয়াৰলেণ্ড৷ মেগা প্রতিযোগিতাখনত জয়েৰে অভিযান আৰম্ভ কৰাৰ বাবে সম্পূর্ণৰূপে সাজু হৈছে ৰোহিত ব্রিগেড৷ কালি দলটোৱে পূর্ণোদ্যমে অনুশীলনত নামে৷ ভাৰতীয় দলটোৰ এই অনুশীলনত অৱশেষত ভাগ লয় তাৰকা বেটাৰ বিৰাট কোহলিয়ে৷ নেটত কোহলিয়ে বুমৰাহৰ বলত অধিক সময় বেটিং অনুশীলন কৰে৷ বুমৰাহৰ উপৰি স্পীনাৰ চাহালৰ বলতো বেটিং অনুশীলন কৰে কোহলিয়ে৷ গ্রুপ এৰ নিজৰ প্রথমখন মেচত আয়াৰলেণ্ডক সহজভাৱে ল’ব বিচৰা নাই ভাৰতীয় দলটোৱে৷ মেচখনত পূর্ণশক্তিৰে অৱতীর্ণ হ’ব ৰোহিত বাহিনী৷ আয়াৰলেণ্ডৰ অঘটন ঘটোৱাৰ শক্তি আছে৷ গতিকে মেচখনত সাৱধানতাৰে নামিব ভাৰতীয় দলটোৱে৷ অৱশ্যে মেচখনৰ পূর্বে অ’পেনিং যুটিক লৈ দোধোৰ-মোধোৰত পৰিছে ভাৰতীয় শিবিৰ৷ অধিনায়ক ৰোহিত শর্মাৰ সৈতে ইনিংছ কোনে মুকলি কৰিব, এইটো ডাঙৰ প্রশ্ন হৈ পৰিছে ভাৰতীয় দলটোৰ বাবে৷ ৰোহিতৰ সৈতে কোহলি অথবা জয়ছোৱালে ইনিংছ মুকলি কৰিব বুলি জল্পনা-কল্পনা চলি থকাৰ মাজতে টীম ইণ্ডিয়াৰ প্রশিক্ষক ৰাহুল দ্রাবিড়ে কয় যে আমাৰ হাতত বিকল্প আছে৷ পৰিস্থিতি আৰু প্রতিদ্বন্দ্বী অনুসৰি ৰোহিত শর্মাৰ সৈতে কোনে ইনিংছ মুকলি কৰিব সেয়া নির্ধাৰণ কৰা হ’ব৷ আমি সকলোধৰণৰ বিকল্প প্রস্তুত কৰি আছোঁ৷ আমাৰ মনত কিছু পৰিকল্পনা থাকিব লাগিব৷ গতিকে ৰোহিত শর্মাৰ সৈতে কোনে ইনিংছ মুকলি কৰিব ইয়াক লৈ আমি কোনোধৰণৰ চিন্তা কৰা নাই৷ আয়াৰলেণ্ডক সহজভাৱে নলয় বুলি উল্লেখ কৰি দ্রাবিড়ে লগতে কয় যে পাকিস্তান অথবা অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলাৰ পূর্বে আমি যিধৰণে প্রস্তুতি চলাও ঠিক সেইদৰে আয়াৰলেণ্ডৰ বিৰুদ্ধেও আমি নিজকে প্রস্তুত কৰিম৷ ইপিনে নিউয়র্কৰ উইকেটক লৈ কোনোধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে টীম ইণ্ডিয়াৰ প্রশিক্ষকগৰাকীয়ে৷ পৰিস্থিতি যিয়েই নহওক কিয়, আমি তাৰ লগত খাপ খাব লাগিব৷ কোনো অজুহাত দেখুওৱাটো লাভ নহ’ব বুলি দ্রাবিড়ে মন্তব্য কৰে৷ খেলৰ সময়ঃ নিশা ৮ বজা৷

Featured