এন চি এত কঠোৰ পৰিশ্রম ঈশান্তৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: অষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া প্রত্যাহ্বানজনক টেষ্ট শৃংখলাৰ পূর্বে নিজকে সম্পূর্ণ সুস্থ কৰি তোলাৰ লক্ষ্য লৈছে ঈশান্ত শর্মাই৷ ইয়াৰ বাবে টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰগৰাকীয়ে বাংগালুৰুস্থিত নেচনেল ক্রিকেট একাডেমীত চিকিৎসা দলৰ নিৰীক্ষণত কঠোৰ পৰিশ্রম অব্যাহত ৰাখিছে৷

ব’ডৰ এক সূত্রই জানিবলৈ দিয়া অনুসৰি এন চি এৰ মুৰব্বী ৰাহুল দ্রাবিড়ৰ তত্ত্বাৱধানত ঈশান্ত শর্মাই ভাৰতীয় ১৯ বছৰ অনূর্ধ্ব দলৰ মুখ্য প্রশিক্ষক তথা একালৰ বেগী বলাৰ পৰশ মাম্রেৰ সৈতে নিজকে সুস্থ কৰি তোলাৰ চেষ্টা চলাই আছে৷

উল্লেখ্য যে ঈশান্তে আই পি এলৰ সময়ত মাংসপেশীৰ আঘাতৰ সন্মুখীন হৈছিল৷ অহা ১৭ ডিচেম্বৰৰ পৰা অষ্ট্রেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাত অভিজ্ঞ বেগী বলাৰগৰাকীয়ে ভাৰতীয় দলৰ সাফল্যত অন্যতম গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি বি চি চি আয়ে ঈশান্তক শীঘ্রে সুস্থ কৰি তোলাৰ লক্ষ্য লৈছে৷