আই এছ এলঃ গোৱাৰে ড্র বাংগালুৰুৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ বাংগালুৰু এফ চি আৰু এফ চি গোৱাই চলিত আই এছ এলত ড্র খেলি অভিযান আৰম্ভ কৰিছে৷ মাৰগাঁৱত কালি অনুষ্ঠিত এখন মেচত দুয়োটা দলে তীব্র যুঁজ দি ২–২ গ’লত ড্র খেলে৷ মেচখনৰ ৫৭ মিনিটলৈ বাংগালুৰু এফ চিয়ে ২–০ গ’লত আগবাঢ়ি থাকি নিশ্চিত জয়ৰ দিশে অগ্রসৰ হৈছিল যদিও স্পেনিছ তাৰকা ইগৰ অংগলুৱে মাত্র তিনি মিনিটৰ ভিতৰত দুটাকৈ চমকপ্রদ গ’ল কৰি গোৱাক পৰাজয়ৰ পৰা উদ্ধাৰ কৰে৷

ইগৰে ৬৬ আৰু ৬৯ মিনিটত গ’ল দুটা কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূর্বে ব্রাজিলৰ খেলুৱৈ ক্লিট’ন ছিলভাই ২৭ মিনিটত গ’ল কৰি বাংগালুৰু এফ চিক সুন্দৰ আৰম্ভণি দিয়ে৷ প্রথমটো অর্ধত অগ্রগতি লাভ কৰি বাংগালুৰুৱে দ্বিতীয়ার্ধতো আক্রমণাত্মক খেল প্রদর্শন কৰে৷ ৫৭ মিনিটত দলটোৱে দ্বিতীয়টো সফলতাৰ মুখ দেখে৷ স্পেইনৰ ষ্ট্রাইকাৰ জুৱাননে বাংগালুৰু এফ চিৰ হৈ দ্বিতীয়টো গ’ল কৰে৷ ড্র খেলি দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰিবলৈ সক্ষম হয়৷