ছুপাৰ অ’ভাৰত জয়ী নাইট ৰাইডাছ

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ ছুপাৰ অভাৰত জয়েৰে কলকাতা নাইট ৰাইডার্ছে চলিত আই পি এলৰ প্লে অফ খেলাৰ আশা অধিক সজীৱ কৰি তুলিছে৷ আবু ধাবিত দেওবাৰে অনুষ্ঠিত এখন ৰোমাঞ্চকৰ মেচত ইয়ন মৰগান নেতৃত্বাধীন দলটোৱে ছানৰাইজার্ছ হায়দৰাবাদক ছুপাৰ অভাৰত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ১৬৪ ৰানৰ লক্ষ্যৰ পিছ লৈ ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৬৩ ৰান সংগ্রহ কৰাত মেচখনৰ ফলাফলৰ বাবে ছুপাৰ অভাৰ খেলিবলগীয়া হয়৷ অধিনায়ক ডেভিদ ৱার্নাৰে অপৰাজিতভাৱে ৪৭ ৰান সংগ্রহ কৰি ছানৰাইজার্ছ হায়দৰাবাদক জয়ৰ দিশে আগুৱাই নিছিল যদিও কলকাতা নাইট ৰাইডার্ছৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত দলটোৱে জয়ৰ লক্ষ্য অতিক্রম কৰিবলৈ সক্ষম নহ’ল৷ অ’পেনাৰ জনী বেয়াৰষ্ট’ৱে ২৮ বলত ৭টা বাউণ্ডেৰীৰ সহায়ত ৩৬ আৰু কেন উইলিয়ামছনে ১৯ বলত ৪টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ২৯ ৰান সংগ্রহ কৰে৷ অৱশ্যে মিডল অর্ডাৰ প্রিয়ম গার্গ (৪), মনীষ পাণ্ডে (৬) আৰু বিজয়শংকৰ (৭) ব্যর্থ হয়৷

জম্মু কাশ্মীৰৰ উদীয়মান অলৰাউণ্ডাৰ আব্দুল ছামাদে ১৫টা বল খেলি দুটা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ২৩ ৰান কৰে৷ কলকাতাৰ হৈ তাৰকা বেগী বলাৰ ল’কী ফার্গুছনে মাত্র ১৫ ৰান ব্যয় কৰি তিনিটা উইকেট দখল কৰে৷ ইয়াৰ পূর্বে ছানৰাইজার্ছৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি কলকাতাই ৫ উইকেটৰ বিনিময়ত ১৬৩ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ অ’পেনাৰ শুভমন গীলে ৩৬, ৰাহুল ত্রিপাঠীয়ে ২৩, নীতিশ ৰাণাই ২৯, আন্দ্রে ৰাছেলে ৯, ইয়ন মৰগানে ৩৪ আৰু দীনেশ কার্তিকে ২৯ ৰানৰ অৰিহণা আগবঢ়ায়৷ নির্ধাৰিত ২০ অভাৰত দুয়োটা দলে ১৬৩ ৰানকৈ সংগ্রহ কৰাৰ পাছত ছুপাৰ অভাৰত ছানৰাইজার্ছে মাত্র ৩ ৰানহে সংগ্রহ কৰে৷ কলকাতা নাইট ৰাইডার্ছৰ বেগী বলাৰ ফার্গুছনে ছুপাৰ অভাৰতো দুর্দান্ত বলিঙেৰে দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়৷ কলকাতাই দুটা বল বাকী থকা অৱস্থাত জয়ৰ লক্ষ্য অতিক্রম কৰে৷