তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিব নোৱাৰে কোহলিয়ে

🔹 বিৰাটে হেৰুৱাইছে নিজৰ ছন্দ

🔹 কিংবদন্তিৰ মন্তব্যত ক্রিকেট জগতত আলোড়ন

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : অষ্ট্রেলিয়াৰ প্রাক্তন স্পিনাৰ ব্রেড হগৰ এক মন্তব্যই আলোড়নৰ সৃষ্টি কৰিছে ক্রিকেট জগতত৷ কিয়নো হগে বিৰাট কোহলি সন্দর্ভত প্রকাশ কৰিছে এক বিস্ফোৰক মন্তব্য৷ কিংবদন্তিগৰাকীয়ে দাবী কৰা অনুসৰি, পূর্বৰ ছন্দ হেৰুৱাইছে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ কোহলিয়ে৷ তেওঁ বিশ্বাস কৰে যে এসময়ত শচীন তেণ্ডুলকাৰৰ একক তথা অনন্য টেষ্ট ৰান সংগ্রহৰ অভিলেখ ভংগ কৰাৰ ক্ষেত্রত মুখ্য প্রতিদ্বন্দ্বী হিচাপে বিবেচিত কোহলি বর্তমান সেই দৌৰৰ পৰা বাহিৰ হৈছে৷ বর্তমান সময়ত কোহলিয়ে ক্রিকেটৰ আটাহতকৈ দীঘলীয়া ফর্মেটত হেৰুৱাইছে ছন্দ৷ ২০২০ চনৰ পৰা টেষ্ট ক্রিকেটত খেলুৱৈগৰাকীৰ গড় ৫০ৰ তললৈ হ্রাস হোৱাৰ পিছত হগে কৰা মন্তব্যই চর্চা লাভ কৰিছে ক্রিকেট জগতত৷ সোঁহতীয়া তাৰকা ভাৰতীয় বেটাৰজনে তেণ্ডুলকাৰৰ সর্বাধিক টেষ্ট ৰানৰ অভিলেখ ভংগ কৰাৰ সুযোগ হেৰুৱাইছে নেকি, তাক লৈও সৃষ্টি হৈছে এক নতুন বিতর্ক৷ এটা ইউটিউব ভিডিঅ’ত হগে তেণ্ডুলকাৰৰ টেষ্ট ৰানক কোহলি আৰু ইংলেণ্ডৰ তাৰকা বেটছমেন জ’ ৰুটৰ সৈতে তুলনা কৰে৷ তেওঁ কয় যে তেণ্ডুলকাৰে তেওঁৰ ২০০খন টেষ্টত সংগ্রহ কৰা ১৫,৯২১ ৰানৰ বিশ্ব অভিলেখ ভংগ কৰাৰ বাবে কেৱল ৰুটহে দাবীদাৰ৷ কিয়নো কোহলিয়ে হেৰুৱাইছে পূর্বৰ ছন্দ৷ ৩৩ বছৰীয়া ৰুটে এতিয়ালৈকে ১৪৬খন টেষ্টত সংগ্রহ কৰিছে ১২,৪০২ ৰান৷ তেণ্ডুলকাৰৰ তুলনাত ইংলেণ্ডৰ ক্রিকেটাৰগৰাকী বর্তমান সময়ত পিছপৰি আছে ৩,৫১৯ ৰানত৷ নৱেম্বৰ মাহত ৩৬ বছৰত ভৰি দিবলগীয়া কোহলিয়ে ১১৪খন টেষ্টত সংগ্রহ কৰিছে ৮,৮৭১ ৰান৷

Featured