আইপিএলত বিৰাট নজিৰ কোহলিৰ

🔹 বিশ্বৰ প্রথমগৰাকী বেটাৰ ৰূপে নজিৰ গঢ়ে আৰচিবিৰ প্রাক্তন অধিনায়কগৰাকীয়ে

বিশেষ বাৰ্তা, ২৩ মে’ : ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ তাৰকা বেটাৰ কোহলিয়ে আইপিএলত গঢ়িলে বিৰাট নজিৰ৷ আইপিএলৰ ইতিহাসত ৮ হাজাৰৰো অধিক ৰান কৰা বিশ্বৰ প্রথমগৰাকী বেটাৰ ৰূপে নজিৰ গঢ়ে আৰচিবিৰ প্রাক্তন অধিনায়কগৰাকীয়ে৷ চলিত আইপিএলৰ কালি ৰাজস্থান ৰয়েলছৰে খেলা এলিমিনেটৰ মেচখনত ৩৩ ৰান কৰি আউট হোৱাৰ পূর্বে কোহলিয়ে আইপিএলত ৮ হাজাৰ ৰান সম্পূর্ণ কৰে৷ এই নজিৰ গঢ়াৰ বাবে কোহলিক কালি প্রয়োজন হৈছিল মাত্র ২৯ ৰানৰ৷ কোহলিয়ে ২৫২ মেচত ৮০০৪ ৰান সংগ্রহ কৰিছে৷

Featured