টি-২০ ফৰ্মেটৰ বিৰাট ৰেকৰ্ডৰ সন্ধিক্ষণত কোহলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মাৰ্চঃ আই পি এল ২০২৪ৰ বাবে সম্পূৰ্ণ সাজু হৈছে চি এছ কে আৰু আৰ চি বি দল। এই ছিজনৰ প্ৰথমখন খেল আজি চেন্নাইত অনুষ্ঠিত হ’ব। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰাট কোহলিয়ে এই মেচত বিশেষ অভিলেখ গঢ়িবলৈ সুযোগ লাভ কৰিছে। কোহলিয়ে ১২০০০ টি-২০ ৰান সম্পূৰ্ণ কৰিব পাৰে। ইয়াৰ বাবে তেওঁক মাত্ৰ ৬ ৰানৰ প্ৰয়োজন। এই তালিকাত শীৰ্ষত আছে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ক্ৰিছ গেইল। কোহলীয়ে এতিয়ালৈকে খেলা ৩৭৬খন টি-২০ মেচত ১১,৯৯৪ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ৮টা শতক আৰু ৯১টা অৰ্ধশতক অৰ্জন কৰিছে। কোহলিয়ে ১২ হাজাৰ টি-২০ ৰান সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিছে। যদি তেওঁ এনে কৰে তেন্তে তেওঁ ১২ হাজাৰ টি-২০ ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব। আই পি এল ২০২৪ৰ প্ৰথমখন মেচত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে কোহলিয়ে এই কৃতিত্ব অৰ্জন কৰিব পাৰে। কোহলিৰ পিছতে ভাৰতীয় খেলুৱৈৰ তালিকাত আছে ৰোহিত শৰ্মা। সৰ্বাধিক টি-২০ ৰান কৰা খেলুৱৈৰ তালিকা চাওঁ তেন্তে ক্ৰিছ গেইল শীৰ্ষত আছে। গেইলে ৪৬৩খন মেচত ১৪,৫৬২ ৰান সংগ্ৰহ কৰিছে। এই ফৰ্মেটত তেওঁ ২২টা শতক আৰু ৮৮টা অৰ্ধশতক অৰ্জন কৰিছে। দ্বিতীয় নম্বৰত আছে শ্বোৱেইব মালিক। ৫৪২খন মেচত ১৩,৩৬০ ৰান সংগ্ৰহ কৰিছে। তিনি নম্বৰত আছে কিয়ৰন পোলাৰ্ড। ৬৬০খন মেচত ১২,৯০০ ৰান সংগ্ৰহ কৰিছে। চাৰি নম্বৰত আছে এলেক্স হেলছ। তেওঁ ১২,৩১৯ ৰান সংগ্ৰহ কৰিছে।

Featured