‘বাজীকৰ’ৰ মন্ত্রৰেই চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছ

বিশেষ বাৰ্তা, ২৭ মে’ : আইপিএলৰ ফাইনেলত সর্বনিম্ন ৰান৷ সম্পূর্ণ ২০ অভাৰ বেটিং কৰিবলৈ সক্ষম নহ’ল ছানৰাইজার্ছ হায়দৰাবাদৰ বেটাৰসকলে৷ ১৮.৩ অভাৰতে ১১৩ ৰানত দলটোৱে ইনিংছ সামৰিবলৈ বাধ্য হয়৷ ইয়াৰ লগে লগে গেলাৰীত উল্লসিত হৈ পৰে শ্বাহৰুখ খানৰ পৰিয়াল৷ তেতিয়াৰ পৰাই কলকাতাই আইপিএলৰ তৃতীয়টো ট্রফীৰ গোন্ধ পাবলৈ আৰম্ভ কৰে৷ কলকাতাৰ বলাৰসকলৰ দুর্দান্ত বলিঙৰ বাবে ৭৭ ৰানতে ৭টা উইকেট হেৰুৱায় হায়দৰাবাদে৷ ১১৪ ৰানৰ সহজ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ট্রফী হস্তগত কৰিলে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ দলটোৱে৷ আচলতে দলটোক বিজয়ৰ মন্ত্র দিছিল বলীউডৰ এইগৰাকী তাৰকাই৷ চলিত প্রতিযোগিতাখনৰ আৰম্ভণিতে জয়লাভৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল কলকাতা নাইট ৰাইডার্ছে৷ কিন্তু দলৰ পৰাজয়ৰ পিছতো প্রতিখন মেচৰ অন্তত শ্বাহৰুখে সাজ ঘৰলৈ গৈ খেলুৱৈসকলক হতাশ নহ’বলৈ উৎসাহ যোগাইছিল৷ কাৰণ এনে উত্থান–পতন তেওঁৰ জীৱনৰ এক অংগস্বৰূপ আছিল৷ এনে জয়–পৰাজয় তেওঁ ৩০ বছৰীয়া কেৰিয়াৰত বাৰে বাৰে দেখিছে৷ সেই মন্ত্রই শিকাইছিল দলৰ খেলুৱৈসকলক৷ কে কে আৰৰ ক্রিকেটাৰসকলেও হয়তো সেই মন্ত্রৰেই খেলিছিল আৰু হয়তো সেই মন্ত্রৰেই আঁজুৰি আনে চেম্পিয়নৰ সন্মান৷ সেইবাবেই এইবাৰৰ আইপিএলৰ সঁচা অর্থত তেৱেঁই ‘বাজীকৰ’৷ দলৰ স্বত্বাধিকাৰীসকলৰ ভিতৰত শ্বাহৰুখকেই সুকীয়া দেখা গৈছিল৷ দলৰ বাবে ভাগ্যৱান ৰূপে পৰিণত হোৱা গৌতম গম্ভীৰক যিকোনো মূল্যৰ বিনিময়ত দলৰ মেণ্টৰ ৰূপে স্থান দিছিল৷ আনকি ভাৰতীয় ক্রিকেট দলৰ প্রশিক্ষকৰ দায়িত্বৰ বাবে প্রস্তাৱ লাভ কৰা গম্ভীৰক পৰৱর্তী সময়তো কলকাতাৰ মেণ্টৰৰ দায়িত্বত থকাৰ বাবে অনুৰোধ জনাইছে অভিনেতাগৰাকীয়ে৷ উল্লেখ্য যে ২০১২ চনত গম্ভীৰৰ হাতত ধৰিয়েই ট্রফী জয় কৰিছিল কলকাতাই৷ সেইবাৰ তেওঁ আছিল খেলুৱৈ আৰু এইবাৰ মেণ্টৰ৷ গম্ভীৰ আৰু সুনীল নাৰিনে আইপিএলত হেটট্রিক কৰাৰ উপৰি ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধেও বিজয়ৰ হেটট্রিক অর্জন কৰে৷ সম্পূর্ণ একপক্ষীয় ফাইনেল হ’লেও প্রতিটো মুহূর্ত উপভোগ কৰিছিল শ্বাহৰুখ খানে৷ তেওঁৰ লগত আছিল গৌৰী, সুহানা, আৰিয়ান আৰু আব্রাহান৷ চেন্নাইৰ চিপকৰ গেলাৰীত সমৱেত হৈছিল অসংখ্য তাৰকা৷ সপৰিবাৰে আহিছিল জুহি চাওলাও৷ উপস্থিত আছিল শ্বাহৰুখ-কন্যাৰ দুই বন্ধু অনন্যা পাণ্ডে আৰু ছানায়া কাপুৰ৷ গেলাৰীত আছিল ৰাজকুমাৰ ৰাও, জানভী কাপুৰো৷ বলীউডৰ কিঙৰ নিমন্ত্রণত গেলাৰী ভৰি পৰিছিল তাৰকাৰে৷ তেওঁলোকৰ সন্মুখতে হাঁহি হাঁহি বিজয় কঢ়িয়াই আনিলে কলকাতা নাইট ৰাইডার্ছে৷ মেচখনত জয়লাভ কৰাৰ লগে লগে আনন্দত জঁপিয়াই উঠে শ্বাহৰুখ৷

Featured