আৰ জি বৰুৱা আন্তঃজিলা ক্ৰিকেটলৈ মাৰ্ঘেৰিটা জিলা দল ঘোষণা

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ গোলাঘাটত অনুষ্ঠিত হৈ থকা ৰাধা গোবিন্দ বৰুৱা (অনুৰ্ধ্ব ১৬) আন্তঃজিলা ক্রিকেট টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিবৰ বাবে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ পুৰুষৰ দল আজি ঘোষণা কৰা হৈছে। দলটোৰ খেলুৱৈসকল হ’ল ক্ৰমে অনিকেত সিং, চাহিদ উদ্দইন আহমেদ, কামৰণ খান, আদিত্য শৰ্মা, বজৰংগ তাঁ‌তি, আশীষ গুপ্তা, অৰ্পিত জয়ছোৱাল,মঃ আফতাব আলি,প্ৰিয়াংসু ভগত, কৃষ্ণ গুপ্তা, নিখিল চৌহান, অভিষেক শৰ্মা, ৰিয়ানচ পাণ্ডে, দীপ প্ৰধান, হৃয়ংগম শৰ্মা, মঃ মমিন আলি, য়াচ কুমাৰ সোণাৰ, ইচাং মহন। অতিৰিক্ত খেলুৱৈসকল হ’ল নেইতিক শৰ্মা, সুনজ ওৰাং, ভৱিষ্য শৰ্মা আৰু ইশ্বান ৰাম। দলটোৰ প্ৰশিক্ষক হিচাপে চুহেল আহমেদ আৰু মেনেজাৰ হিচাপে থাকিব কালু ছেত্ৰী বুলি মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সত্যৰঞ্জন কাকতিয়ে এক প্ৰেছ বাৰ্তা যোগে জনাইছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

Featured