ছুপাৰ অ’ভাৰত ক্রোধান্বিত হৈছিল ক্রিছ গেইল

নিয়মীয়া বাৰ্তা,  ২০ অক্টোবৰঃ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দেওবাৰেনিশা সুবিধাজনক স্থিতিত থকাৰ পাছতো ডাবল ছুপাৰ অভাৰ খেলিবলগীয়া হোৱা বাবে ক্রোধান্বিত হৈছিল কিংছ একাদশ পঞ্জাবৰ বিস্ফোৰক বেটছমেন ক্রিছ গেইল৷

ইউনিভার্ছ বছ হিচাপে ক্রিকেট বিশ্বত পৰিচিত ৱেষ্ট ইণ্ডিজৰ তাৰকাগৰাকীয়ে মেচৰ অন্তত কয় যে ছুপাৰ অভাৰত বেটিং কৰাৰ পূর্বে তেওঁ নার্ভাছ হোৱা নাছিল যদিও ভিতৰি ভিতৰি অত্যন্ত ক্রোধান্বিত হৈছিল৷ ‘মই চাপ অনুভৱ কৰা নাছিলোঁ, কিন্তু আমি সহজে জয়ৰ লক্ষ্যত উপনীত হ’ব পৰা মেচ এখনত ডাবল ছুপাৰ অভাৰ খেলিবলগীয়া হোৱাত মোৰ অত্যন্ত খং উঠিছিল৷ দ্বিতীয়টো ছুপাৰ অভাৰত বেটিঙৰ বাবে খেলপথাৰত নামোতে মায়ংক আগৰৱালে মোক প্রথমটো বলৰ সন্মুখীন হ’বলৈ অনুৰোধ জনোৱাত মোৰ খং দুগুণে বৃদ্ধি হৈছিল৷ তেওঁ মোক কৈছিল যে আপুনি ইউনিভার্ছ বছ আৰু বছে সদায় প্রথমটো বলৰ মুখামুখি হ’ব লাগে৷’ –গেইলে ধেমেলীয়া সুৰত এইদৰে কয়৷

উল্লেখ্য যে দ্বিতীয়টো ছুপাৰ অভাৰত পঞ্জাবক ১২ ৰানৰ প্রয়োজন থকা অৱস্থাত ইনিংছ মুকলি কৰিবলৈ আহি গেইলে প্রথমটো বলতে ছিক্সাৰ কোবাই দলটোৰ জয় সহজ কৰি তুলিছিল৷

ইফালে, প্রথমটো ছুপাৰ অভাৰত মাত্র পাঁচ ৰান ব্যয় কৰা মহম্মদ ছামিক ভূয়সী প্রশংসা কৰি ৱেষ্ট ইণ্ডিজৰ তাৰকাগৰাকীয়ে কয় যে তেওঁৰ মতে আজিৰ মেচৰ মেন অৱ দ্য মেচ হ’ল মহম্মদ ছামি৷