গম্ভীৰৰ সংসাৰত বৃহৎ পৰিৱর্তন নিবিচাৰে মর্কেলে

🔸 অ’টো পাইলট মুডতে চলিব টীম ইণ্ডিয়া : বাংলাদেশ শৃংখলাৰ পূর্বে ঘোষণা

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : ভাৰতীয় দলত বিশেষ পৰিৱর্তন ঘটাব বিচৰা নাই নতুন বলিং প্রশিক্ষক মর্নে মর্কেলে৷ সৰুসুৰা পৰিৱর্তন ঘটোৱা যাব যদিও ইমানদিনে যিদৰে অ’টো পাইলট মুডত চলিছিল, ঠিক সেইদৰেই দলটো পৰিচালিত কৰিব বিচাৰে তেওঁ৷ উল্লেখ্য যে অহা ১৯ ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাত নামিব টীম ইণ্ডিয়া৷ প্রথম টেষ্ট অনুষ্ঠিত হ’ব চেন্নাইত আৰু দ্বিতীয়খন টেষ্ট খেলোৱা হ’ব কাণপুৰত৷ ইয়াৰ পূর্বে সম্প্রতি চেন্নাইত আৰম্ভ হৈছে ভাৰতৰ শিবিৰ৷ ইতিপূর্বে গম্ভীৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আছে মর্কেলৰ৷ বর্তমান ভাৰতীয় দলৰ মুখ্য প্রশিক্ষক গম্ভীৰ যেতিয়া লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মেণ্টৰ আছিল, সেই সময়ত লক্ষ্ণৌৰ বলিং প্রশিক্ষক আছিল প্রাক্তন দক্ষিণ আফ্রিকান পেচাৰ মর্কেল৷ ভাৰতীয় ব’ৰ্ডৰ ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়– ভাৰতীয় শিবিৰত যোগদান কৰি এই কথা বুজিব পাৰিছোঁ যে ইয়াত সকলো অ’টোপাইলট মুডত চলে৷ আমাৰ কাম হৈছে যিদৰে সকলো চলি আছে, সেইদৰেই চলিব দিয়াটো৷ মাজে মাজে সৰুসুৰা প্রয়োজনীয় কাম কৰি দলৰ উন্নতিত অৱদান আগবঢ়োৱা৷ ৰোহিত, বিৰাট, বুমৰাহ, জাদেজা, অশ্বিন–আটাইবোৰ অসামান্য ক্রিকেটাৰ৷ সকলো বিষয় তত্ত্বাৱধান তেওঁলোকেই কৰে৷ মোৰ কাম হ’ল, তেওঁলোকে যিটো কৰে তাক সমর্থন আগবঢ়োৱা৷ মর্কেলে লগতে কয় যে অতীতত এইসকল ক্রিকেটাৰৰ বিৰুদ্ধে যথেষ্ট মেচ খেলিছোঁ৷ সেইবোৰো এতিয়া কামত লাগিব৷ তদুপৰি আইপিএলৰ সুবাদত প্রায়সংখ্যক খেলুৱৈৰ সৈতে যোগাযোগ হৈছে৷ সেই অভিজ্ঞতাও আগন্তুক সময়ত আমাক কামত সহায় কৰিব৷ উল্লেখ্য যে বাংলাদেশৰ বিপক্ষে এই শৃংখলাটো টীম ইণ্ডিয়াৰ লগতে ভাৰতৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ বাবেও যথেষ্ট গুৰুত্বপূর্ণ হ’ব৷

Featured