দিল্লী কেপিটেলছক হৰুৱাই পইণ্ট তালিকাৰ শীর্ষলৈ উন্নীত মুম্বাই ইণ্ডিয়ানছ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ শক্তিশালী দিল্লী কেপিটেলছক হৰুৱাই চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীর্ষ স্থানলৈ উন্নীত হৈছে মুম্বাই ইণ্ডিয়ানছ৷ ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে  আবু ধাবিত অনুষ্ঠিত এখন মেচত শ্রেয়াছ আয়াৰ নেতৃত্বাধীন দিল্লীক ৫ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ১৬৩ ৰানৰ লক্ষ্যৰ পিছলৈ মুম্বাই ইণ্ডিয়ানছে অ’পেনাৰ কুইণ্টন ডি ককৰ ৫৩, সূর্য কুমাৰ যাদৱৰ ৫৩ আৰু ঈশান কিষণৰ ২৮ ৰানৰ সহায়ত দুটা বল বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়৷

দিল্লীৰ হৈ কাগিছ’ ৰাবাডাই দুটা উইকেট দখল কৰে৷ ইয়াৰ পূর্বে টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত লৈ দিল্লী কেপিটেলছে নির্ধাৰিত ২০ অ’ভাৰত ৪ উইকেট হেৰুৱাই ১৬২ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ বাঁওহতীয়া অ’পেনাৰ শিখৰ ধাৱনে সর্বাধিক ৬৯ ৰানৰ অপৰাজিত ইংনিছ খেলে৷ তেওঁ ৫২ বলৰ সন্মুখীন হৈ ৬টা বাউণ্ডেৰী আৰু এটা অ’ভাৰ বাউণ্ডেৰী কোবায়৷ অধিনায়ক শ্রেয়াছ আয়াৰে ৩৩ বলত ৫টা বাউণ্ডেৰীৰ সহায়ত ৪২ ৰানৰ অৱদান আগবঢ়ায়৷ ঋষভ পণ্টৰ স্থানত মূল একাদশত সুযোগ লাভ কৰা আজিংক্য ৰাহানে ১৫, অ’পেনাৰ পৃথ্বি শ্ব ৪ আৰু অলৰাউণ্ডাৰ মার্কাছ ষ্টইনিছ ১৩ ৰানত আউট হয়৷ মুম্বাই ইণ্ডিয়ানছৰ হৈ ক্রুণাল পাণ্ডিয়াই দুটা আৰু ট্রেণ্ট ব’ল্টে এটা উইকেট পায়৷