পাণ্ডিয়াক লৈ মুম্বাই ইণ্ডিয়ানছত বিদ্রোহ

🔹 ৰোহিত–সূর্যকুমাৰ–বুমৰাহৰে বৈঠক মেনেজমেণ্টৰ

বিশেষ বাৰ্তা, ১০ মে’ : পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে প্রথমটো দল হিচাপে চলিত আইপিএলৰ প্লে-অফৰ দৌৰৰ পৰা বাহিৰ হয়৷ বুধবাৰে অনুষ্ঠিত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হোৱাৰ লগে লগে মুম্বাইৰ প্লে-অফত প্রৱেশৰ পথ ৰুদ্ধ হৈ পৰে৷ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাক অধিনায়ক পদৰ পৰা আঁতৰাই গুজৰাট টাইটানছৰ অধিনায়ক হার্দিক পাণ্ডিয়াক দলটোৰ  অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ পাছৰে পৰাই মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলত কোনো এটা দিশতে যোগাত্মক প্রভাৱ পেলাবলৈ সক্ষম নহ’ল৷ প্রতিখন মেচতেই অনুৰাগী, দর্শকৰ ৰোষত পৰিছে অধিনায়ক পাণ্ডিয়া৷ সমান্তৰালকৈ সমালোচনাৰ সন্মুখীন হৈছে মেনেজমেণ্টো৷ প্রশ্ণ উত্থাপন হৈছে পাণ্ডিয়াৰ অধিনায়কত্বক লৈ৷ এনে পৰিস্থিতিৰ মাজতে খবৰ আহিছে মুম্বাই ইণ্ডিয়ানছৰ কেইবাজনো জ্যেষ্ঠ খেলুৱৈ পাণ্ডিয়াক লৈ সুখী নহয়৷ প্রতিযোগিতাখনৰ আৰম্ভণিৰ পৰাই পাণ্ডিয়াই যিদৰে খেলপথাৰত দলটোক নেতৃত্ব দিছে, তাক লৈ সুখী নহয় দলটোৰ একাধিক সদস্য৷ প্লে-অফৰ দৌৰৰ পৰা মুম্বাই বাহিৰ হোৱাৰ পিছতে এতিয়া কেইবাজনো ছিনিয়ৰ খেলুৱৈয়ে পাণ্ডিয়াক লৈ প্রশ্ণ উত্থাপন কৰিছে৷ দলৰ এই ধৰণৰ বিপর্যয়ৰ বাবে তাৰকা খেলুৱৈ ৰোহিত শর্মা, সূর্যকুমাৰ যাদৱ, যশপ্রীত বুমৰাহৰ দৰে খেলুৱৈৰ সৈতে আলোচনাত বহিছে মেনেজমেণ্ট৷ এই আলোচনাতেই দলটোৰ বিপর্যয়ৰ কাৰণ ব্যাখ্যা কৰা হৈছে৷ অৱশ্যে মুম্বাইৰ মেনেজমেণ্টৰ এগৰাকী শীর্ষ বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি, এয়া এক তেনেই সাধাৰণ আলোচনা৷

Featured