লখিমপুৰ জিলা টাইকোৱানডো চেম্পিয়নশ্বিপত নাৰায়ণপুৰৰ সফলতা

বিশেষ বাৰ্তা, ২৯ এপ্ৰিল : ঢকুৱাখনা টাইকোৱাণ্ডো একাডেমীৰ উদ্যোগত আৰু লখিমপুৰ জিলা টাইকোৱানডো সন্থাৰ তত্বাৱধানত অনুষ্ঠিত জিলাভিত্তিত টাইকোৱানডো প্ৰতিযোগিতাখনত নাৰায়ণপুৰ টাইকোৱানডো একাডেমীৰ খেলুৱৈয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ ২৭ আৰু ২৮ এপ্ৰিলত দুদিনীয়াকৈ ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত প্ৰতিযোগিতাখনত জিলাখনৰ ৭টা টাইকোৱানডো ক্লাবৰ ৩০০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷ নাৰায়ণপুৰ টাইকোৱানডো একাডেমীৰ ৩২গৰাকী খেলুৱৈয়ে ৫টা শাখাত অংশগ্ৰহণ কৰি ২২গৰাকী খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হয়৷ নীগাশ্ৰী মালি, ভৱমান্যু কৌশিক ছেত্ৰী, কুণ্ডন কৌশিক বৰা, মৃগনাভ শইকীয়া, মৃগাংগী শইকীয়াই সোণৰ পদক, সুস্মিতা বৰুৱা, ধনিষ্ঠা বৰুৱা, কপিল পাঠৰী, বৰ্ষিতা শইকীয়া, প্ৰাচুৰ্যা প্ৰিয়া হাজৰিকা, কৃত্তিকা হাজৰিকা , প্ৰজ্ঞাশ্ৰী ভগতে ৰূপৰ পদক আৰু জোনাক পেগু , ৰিদম উপাধ্যায় , ৰিহান উপাধ্যায়, ৰিহান বৰুৱা, প্ৰজ্ঞাস্মৃতি চুতীয়া, ৰিয়ান কৌশিক বৰুৱা, বিশ্বজিৎ ভট্ৰৰায়, অনুষ্কা প্ৰিয়ম বৰা, দীপশিখা মৰাং, দৰ্পণজ্যোতি বৰুৱাই ব্ৰঞ্জ পদক অৰ্জন কৰে৷ খেলুৱৈসকলৰ সফলতাত নাৰায়ণপুৰ টাইকোৱানডো একাডেমীৰ সভাপতি নিপ দত্ত, কাৰ্যকৰী সভাপতি হেমন্ত শইকীয়াৰ লগতে বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে ৷

প্ৰেৰক সমীন কুমাৰ শইকীয়া

Featured