ভৰণ–পোষণৰ বাবদ হার্দিকৰ ৭০ শতাংশ সম্পত্তি দাবী নাটাছাৰ

বিশেষ বাৰ্তা, ২৭ মে’ : যোৱা ১৪ ফেব্রুৱাৰীৰ পৰা সামাজিক মাধ্যমত হার্দিক পাণ্ডিয়া আৰু পত্নী নাটাছাৰ একেলগে থকা আলোকচিত্র কোনেও দেখা নাই৷ আনকি নাটাছাৰ জন্মদিনতো শুভেচ্ছা জনোৱা নাই হার্দিকে৷ তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰক লৈ কিছুদিন ধৰি অব্যাহত আছে ব্যাপক চর্চা৷ অৱশ্যে ইয়াক লৈ কোনেও এতিয়ালৈ মুখ খোলা নাই৷ আইপিএল খেলি হার্দিক পোনে পোনে লণ্ডনলৈ গৈছে৷ তাতে আছে চার্বিয়ান মডেল অভিনেত্রী নাটাছা৷ বিবাহ বিচ্ছেদৰ পিছত ভৰণ–পোষণ হিচাপে হার্দিকৰ সম্পত্তিৰ এক বৃহৎ অংশ দাবী কৰা বুলি জানিব পৰা গৈছে পত্নীয়ে৷ সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা নাটাছাই পাণ্ডিয়া পদবীও মচি পেলাইছে৷ ইয়াৰ পাছতে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰে নতুন মাত্রা লাভ কৰিছে৷ জানিব পৰা মতে, ক্ষতিপূৰণৰ বাবদ অভিনেত্রীগৰাকীয়ে হার্দিকৰ সম্পত্তিৰ ৭০ শতাংশ দাবী কৰিছে৷ উল্লেখ্য যে হার্দিকৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫০ কোটি টকাৰো অধিক৷ পত্নীৰ সৈতে কিছুদিন ধৰি ব্যৱধান সৃষ্টি হৈছে হার্দিকৰ৷ যোৱা ৪ মার্চত নাটাছাৰ জন্মদিনতো শুভেচ্ছা জনোৱা নাই হার্দিকে৷ দীর্ঘদিন ধৰি তেওঁলোকক একেলগে প্রত্যক্ষ কৰা নাই অনুৰাগীয়ে৷ যোৱা ১৪ ফেব্রুৱাৰীত সামাজিক মাধ্যমত একেলগে দুয়োৰে ছবি দেখা গৈছিল৷ শেহতীয়াভাৱে আলেকজেণ্ডাৰ আলেক্সলীকৰ সৈতে দেখা গৈছিল নাটাছাক এখন ৰেষ্টুৰেণ্টত৷ সেই সময়ত সাংবাদিকে তেওঁলোকৰ সম্পর্কৰ বিষয়ে প্রশ্ণ কৰাত তেওঁ বিষয়টো এৰাই চলা পৰিলক্ষিত হয়৷

Featured