অষ্ট্রেলিয়ান অ’পেনত নৱম খিতাপ জক’ভিচৰ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ অভিলেখসংখ্যক নৱমবাৰৰ বাবে অষ্ট্রেলিয়ান অ’পেনৰ পুৰুষ শাখাৰ ছিংগলছৰ খিতাপ জয় কৰিলে বিশ্বৰ শীর্ষ বাছনিপ্রাপ্ত খেলুৱৈ ছার্বিয়াৰ ন’ভাক জক’ভিচে৷ ক’ৰোনাৰ আতংকৰ মাজতে মেলব’নত অনুষ্ঠিত বছৰটোৰ প্রথমখন সন্মানীয় গ্রেণ্ডশ্লাম অষ্ট্রেলিয়ান অ’পেনৰ আজি অনুষ্ঠিত পুৰুষ ছিংগলছৰ ফাইনেল মেচখনত ডিফেণ্ডিং চেম্পিয়ন জক’ভিচে চতুর্থ বাছনিপ্রাপ্ত ৰাছিয়াৰ ডানিল মেডভেডেভক পোনপটীয়া ছেটত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰিবলৈ সক্ষম হয়৷

কেৰিয়াৰৰ ১৮সংখ্যক গ্রেণ্ডশ্লামৰ খিতাপ জয় কৰা জক’ভিচে মেডভেডেভক ৭–৫, ৬–২, ৬–০ ছেটত পৰাস্ত কৰে৷ ১৭ বাৰ অষ্ট্রেলিয়ান অ’পেনত অংশগ্রহণ কৰি জক’ভিচে সর্বাধিক ৯বাৰ গ্রেণ্ডশ্লামখনৰ খিতাপ জয় কৰি বিশ্বৰ প্রথমগৰাকী খেলুৱৈৰূপে অভিলেখ ৰচিবলৈ সক্ষম হয়৷ জক’ভিচৰ পূর্বে ছুইজাৰলেণ্ডৰ কিংবদন্তি খেলুৱৈ ৰ’জাৰ ফেডেৰাৰ আৰু অষ্ট্রেলিয়াৰ প্রাক্তন খেলুৱৈ ৰয় এমাৰছনে ৬ বাৰ, আমেৰিকাৰ প্রাক্তন খেলুৱৈ আন্দ্রে আগাছী আৰু অষ্ট্রেলিয়াৰ প্রাক্তন খেলুৱৈ কেন ৰ’জবেলে ৪বাৰকৈ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷

উল্লেখ্য যে জক’ভিচে ২০০৮, ২০১১, ২০১২, ২০১৩, ২০১৫, ২০১৬, ২০১৯ আৰু ২০২০ চনতো অষ্ট্রেলিয়ান অ’পেনৰ খিতাপ জয় কৰিছিল৷ আনহাতে, ইভান ড’ডিক আৰু ফিলিপ প’লাছেক যুটিয়ে গ্রেণ্ডশ্লামখনৰ পুৰুষ ডাবলছৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে৷ ফাইনেল মেচখনত ক্রৱেছিয়া আৰু শ্লোভাকিয়াৰ যুটিটোৱে ডিফেণ্ডিং চেম্পিয়ন ৰাজীৱ ৰাম আৰু জ’ ছালিছবুৰি যুটিক ৬–৩, ৬–৪ ছেটত পৰাস্ত কৰে৷