আইএছএলত আজি মহমেদান স্প’র্টিং ক্লাবৰ বিৰুদ্ধে নর্থ ইষ্ট

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ ২০২৪–২৫ (আইএছএল)ত আজি অভিযান আৰম্ভ কৰিব নর্থ ইষ্ট ইউনাইটেড এফচিয়ে৷ কলকাতাৰ কিশোৰ ভাৰতী ক্রীডাংগনত আজি নিশা ৭.৩০ বজাত হ’ব লগা মেচত ডুৰাণ্ড কাপৰ চেম্পিয়ন নর্থ ইষ্ট ইউনাইটেডৰ প্রতিদ্বন্দ্বী প্রথমবাৰৰ বাবে আইএছএল খেলিব লগা কলকাতাৰ তৃতীয়টো দল মহমেদান স্প’র্টিং ক্লাব৷ উল্লেখ্য যে আই লীগৰ চেম্পিয়ন হোৱাৰ সূত্রে আইএছএললৈ যোগ্যতা অর্জন কৰিছে মহমেদান স্প’র্টিং ক্লাবে৷ আজি ঘৰুৱা খেলপথাৰত অনুৰাগীৰ সন্মুখত ভাৰতীয় ফুটবলৰ গ্লেমাৰ লীগখনত মহমেদানে অভিষেক কৰিব৷ আইএছএলত যদিও মহমেদান স্প’র্টিং ক্লাব নতুন দল, কিন্তু ভাৰতীয় ফুটবলত দলটোৰ গৌৰৱময় ঐতিহ্য আছে৷ ইফালে, প্রথমবাৰৰ বাবে ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয় কৰি নতুন ছিজনৰ আৰম্ভণি কৰা নর্থ হষ্ট ইউনাইটেডে এতিয়া আইএছএলতো সুন্দৰ প্রদর্শন কৰাৰ বাবে সাজু হৈছে৷ বিপক্ষৰ ষ্টেডিয়ামত দলে অভিযান আৰম্ভ কৰিব যদিও এই বিষয় লৈ দল মুঠেও চিন্তিত নহয়৷ কাৰণ দুসপ্তাহ পূর্বে কলকাতাতে ডুৰাণ্ড কাপৰ ফাইনেলত মোহন বাগানক পৰাস্ত কৰি নর্থ ইষ্ট ইউনাইটেডে প্রথমটো খিতাপ জয় কৰিছিল৷ আজিৰ মেচক লৈ নর্থ ইষ্ট ইউনাইটেডৰ স্পেনিছ প্রশিক্ষক পেড্র’ বেনালিয়ে কয়– ‘ডুৰাণ্ড কাপ জয় কৰাৰ অনুভৱটো বৰ ভাল আছিল, কিন্তু ২৪ ঘণ্টাৰ পিছত সেয়া শেষ হৈছে৷ আমি আগবাঢ়িব বিচাৰিলে ইয়াৰ সৈতে জীয়াই থাকিব নোৱাৰোঁ৷ সেই কথা আমি পাহৰি যোৱাটোহে প্রয়োজন৷ কাগজ আৰু পৰিসংখ্যাৰ বাবে ই অতি উত্তম৷ কিন্তু আমি নতুন খেলখনৰ বিষয়েহে চিন্তা কৰিব লাগিব৷ আমাৰ নিজস্ব মানসিকতা আছে৷ আমি প্রতিখন খেলকে চূড়ান্ত খেল হিচাপে লওঁ৷ আমি এটা শক্তিশালী দলৰ বিৰুদ্ধে খেলিম৷ দৃষ্টিভংগী শীতল আৰু শান্ত হোৱাটো প্রয়োজন৷’ ইফালে, মহমেদানৰ মুখ্য প্রশিক্ষক আন্দ্রে চের্নিশ্বভে কয়– ‘এয়া আমাৰ বাবে নতুন অভিজ্ঞতা৷ প্রথমে আমি আইএছএলৰ বাবে এটা শক্তিশালী দল গঠন কৰিব লাগিব৷ এই প্রতিযোগিতা কিমান শক্তিশালী আমি বুজি পাওঁ৷ আমি বহু ভাল ভাৰতীয় আৰু বিদেশী খেলুৱৈৰ বিৰুদ্ধে খেলিম৷ আটাহতকৈ গুৰুত্বপূর্ণ বিষয়টো হ’ল- লীগত আমাক প্রতিখন মেচতে ভাল খেলিবলৈ বিপক্ষই অনুপ্রাণিত কৰিব৷’ নর্থ ইষ্ট ইউনাইটেড আৰু মহমেদান এছচি দুয়োটা দলত আছে প্রতিভাৱান ভাৰতীয় খেলুৱৈ৷ অসম সন্তান পার্থিৱ গগৈয়ে যোৱা ছিজনত ১৭খন লীগ খেলত পাঁচটা গ’ল আৰু চাৰিটা এছিষ্ট কৰিছিল৷ এইবাৰো পার্থিৱে দলক আগুৱাই লৈ যাব৷ ইফালে, মহমেদান দলৰ আশা–ভৰসা দলৰ অধিনায়ক ছামাদ আলী মালিকৰ ওপৰত৷

Featured