নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: ১ ডিচেম্বৰৰ পৰা পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টেষ্ট শৃংখলা। টেষ্ট শৃংখলাৰ বাবে পাকিস্তানত উপস্থিত হৈছে ইংলেণ্ড দল। এই শৃংখলাৰ ঠিক পূৰ্বে ইংলেণ্ড দলত সংকটে দেখা দিছে। অধিনায়ক বেন ষ্ট’কছকে ধৰি দলটোৰ ১৪ জন সদস্য কোনো অজ্ঞাত ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনৰ পূৰ্বে ইংলেণ্ডৰ খেলুৱৈসকল আক্ৰান্ত হৈছে কোনো ভাইৰাছত।
বিচিচিৰ তথ্য অনুসৰি আক্ৰান্ত ১৪ জন লোকৰ আধা সংখ্যক ইংলেণ্ড দলটোৰ বিষয়া-কৰ্মচাৰী আৰু আধা খেলুৱৈ। কিন্তু এতিয়া সংক্রমণত ভোগাৰ বাবে এই সকলো খেলুৱৈ আৰু সদস্যক হোটেলত জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেল অহা ১ ডিচেম্বৰত ৰাৱালপিণ্ডিত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু এই ভাইৰাছৰ সংক্ৰমণৰ বাবে এতিয়া অনিশ্চয়তাত টেষ্ট শৃংখলাটোৰ প্ৰথমখন খেল।