বিশ্বকাপ জয়েৰে প্রশিক্ষকৰ কার্যকাল এৰিলে ৰাহুল দ্রাবিড়ে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুনঃ টীম ইণ্ডিয়াক চেম্পিয়নৰ সোৱাদ দি প্রশিক্ষক পদ এৰিলে ৰাহুল দ্রাবিড়ে৷ প্রশিক্ষক হিচাপে ফাইনেল মেচখনেই আছিল দ্রাবিড়ৰ অন্তিম মেচ৷ সামৰণি পৰা টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পূর্বেই দ্রাবিড়ে মন্তব্য কৰিছিল যে প্রশিক্ষক হিচাপে তেওঁৰ এইখনেই অন্তিম প্রতিযোগিতা হ’ব৷ দলটোৰ নতুন প্রশিক্ষক বিচাৰিবলৈ কৈছিল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডক৷ অৱশ্যে বিচিচিআইৰ লগতে ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শর্মাই দ্রাবিড়ক প্রশিক্ষক ৰূপে থকাৰ বাবে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল৷ কথা মতেই কাম৷ ২০২১ চনত ভাৰতীয় ক্রিকেট দলটোৰ মুখ্য প্রশিক্ষক হিচাপে কার্যভাৰ গ্রহণ কৰিছিল দ্রাবিড়ে৷ তেওঁৰ প্রশিক্ষণত ভাৰতীয় দলটোৱে ২০২২ চনত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত পৰাস্ত হোৱাৰ লগতে বিগত বর্ষত ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপত ৰার্নাছআপৰ সন্মান লাভ কৰিছিল৷ খিতাপ যুঁজৰ মেচখনত ভাৰতে অষ্ট্রেলিয়াৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল৷ ২০২২ চনৰ টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত ভাৰতীয় দলটোক নতুন মাত্রা প্রদান কৰিছিল দ্রাবিড়ে৷ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে দুর্দান্ত প্রদর্শন দাঙি ধৰে যদিও চেম্পিয়নৰ সোৱাদ দিব নোৱাৰিলে প্রশিক্ষক ৰাহুল দ্রাবিড়ে৷ ইপিনে, প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ লগতে ভাৰতীয় দলটোৰ আন দুগৰাকী সদস্যৰ সম্ভৱতঃ শেষ টি–২০ বিশ্বকাপ হ’ব৷ তেওঁলোক দুজন হ’ল ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শর্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলি৷ বর্তমান ৰোহিত শর্মাৰ বয়স হ’ল ৩৭ আৰু কোহলিৰ বয়স হ’ল ৩৫ বছৰ৷ ২০২৬ চনত ভাৰতত অনুষ্ঠিত হ’ব পৰৱর্তী টি–২০ বিশ্বকাপ৷ সেই সময়লৈকে ৰোহিত শর্মাৰ বয়স হ’ব ৩৯ আৰু কোহলিৰ ৩৭ বছৰ হ’ব৷ গতিকে, বয়সৰ ফালৰ পৰা চাই দুয়োগৰাকী তাৰকা ক্রিকেটাৰৰ সম্ভৱতঃ এইখনেই হ’ব অন্তিম টি–২০ বিশ্বকাপ৷ ইফালে, ৰাহুল দ্রাবিড়ৰ কার্যকাল অন্ত পৰাৰ পিছত বিচিচিআয়ে গৌতম গম্ভীৰক ভাৰতীয় দলটোৰ প্রশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ গতিকে, নতুন প্রশিক্ষক আহিলে ভাৰতীয় দলটোত অধিক সাল–সলনি হোৱাৰ সম্ভাৱনা আছে৷ জ্যেষ্ঠ খেলুৱৈৰ সলনি নৱাগত খেলুৱৈক অধিক অগ্রাধিকাৰ দিয়া হ’ব পাৰে৷ গতিকে, ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে অচিৰেই টি–২০ ক্রিকেটৰ পৰাও অৱসৰ লোৱাৰ অধিক সম্ভাৱনা আছে৷

Featured