টি-২০ বিশ্বকাপৰ পিছতে কার্যকাল শেষ ৰাহুল দ্রাবিড়ৰ!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মে’ : ভাৰতীয় ক্রিকেট দলৰ নতুন প্রশিক্ষকৰ বাবে বিজ্ঞাপন জাৰি কৰিব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ইয়াৰ লগে লগে পৰৱর্তী প্রশিক্ষকক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে৷ চলিত বর্ষৰ জুন মাহত কার্যকালৰ অন্ত পৰিব ৰাহুল দ্রাবিড়ৰ৷ অর্থাৎ টি-২০ বিশ্বকাপৰ পিছতে ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষক পদৰ পৰা পদত্যাগ কৰিব দ্রাবিড়ে৷ অৱশ্যে দ্রাবিড়ে ইচ্ছা কৰিলে উক্ত পদৰ বাবে পুনৰ আবেদন কৰিব পাৰিব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সম্পাদক জয় শ্বাহে কয় যে জুনপর্যন্ত দ্রাবিড়ৰ চুক্তি আছে৷ ইচ্ছা কৰিলে আবেদন কৰিব পাৰিব৷ ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষক কোন হ’ব সেইটো নির্ণয় কৰাৰ পিছত বেটিং, বলিং আৰু ফিল্ডিং প্রশিক্ষক নির্বাচন কৰা হ’ব বুলি জয় শ্বাহে লগতে কয়৷ নতুন প্রশিক্ষকৰ সৈতে দীঘলীয়া চুক্তি স্বাক্ষৰ কৰিব বিচিচিআয়ে৷ নতুন প্রশিক্ষকক তিনি বছৰৰ বাবে চুক্তিবদ্ধ কৰাৰ সম্ভাৱনা আছে৷ ২০২৭ চনত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব৷ উক্ত প্রতিযোগিতালৈ নতুন প্রশিক্ষকৰ সৈতে চুক্তিবদ্ধ হ’ব পাৰে৷ অৱশ্যে ইংলেণ্ড বা পাকিস্তানৰ দৰে টেষ্ট আৰু সীমিত অভাৰৰ বাবে পৃথক প্রশিক্ষক নিযুক্তি নকৰে বুলি উল্লেখ কৰি জয় শ্বাহে লগতে কয় যে ভাৰতীয় ক্রিকেট দলটোৰ দায়িত্ব এজন প্রশিক্ষকৰ হাতত দিব বিচাৰে৷ অৱশ্যে নতুন প্রশিক্ষক ভাৰতীয় বা বিদেশী হ’ব সেয়া এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই৷ নতুন প্রশিক্ষক নিযুক্তি সিদ্ধান্ত পৰামর্শদাতা সমিতিৰ দ্বাৰা কৰা হ’ব বুলি বিচিচিআইৰ সম্পাদকগৰাকীয়ে ব্যক্ত কৰে৷

Featured