বেংগালুৰুক হৰুৱাই কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ

🔹 অসম-সন্তান ৰিয়ান পৰাগৰ দৰ্শনীয় ৩৬ ৰান

বিশেষ বাৰ্তা, ২৩ মে’ : ৰাজস্থান ৰয়েলছে চলিত আইপিএলৰ কোৱালিফায়াৰত স্থান সুৰক্ষিত কৰিছে৷ আহমেদাবাদত অনুষ্ঠিত এলিমিনেটৰ মেচখনত ৰাজস্থানে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুক ৪ উইকেটত পৰাস্ত কৰে৷ মেচখনত আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ১৭৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ যশস্বী জয়ছোৱালৰ দর্শনীয় ৪৫ আৰু অসম-সন্তান ৰিয়ান পৰাগৰ চমকপ্রদ ৩৬ ৰানৰ সহায়ত ৰাজস্থানে ১৯ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ছিমৰন হেটমায়েৰে ১৪ বলত ২৬ ৰান আৰু ৰ’ভমান পাৱেলে ৮টা বলত অপৰাজিতভাৱে ১৬ ৰান কৰে৷ অসম সন্তান ৰিয়ান পৰাগৰ ২৬টা বলৰ ইনিংছটোত আছিল দুটা চাৰি আৰু সমসংখ্যক ছয়৷ অধিনায়ক সঞ্জু ছেমছনে ১৭ আৰু ধ্রুৱ জুৰেলে ৮ ৰান কৰি বিদায় লয়৷ আৰচিবিৰ হৈ মহম্মদ চিৰাজে সর্বাধিক দুটা উইকেট লাভ কৰে৷ শুকুৰবাৰে হ’বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছে ছানৰাইজার্ছ হায়দৰাবাদৰে মুখামুখি হ’ব৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি ৰাজস্থান ৰয়েলছৰ বলাৰৰ সু–নিয়ন্ত্রিত বলিঙৰ সন্মুখত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৭২ ৰান সংগ্রহ কৰে৷ আৰচিবিৰ কোনো এজন বেটাৰে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল৷ ৰজত পাটিদাৰে সর্বাধিক ৩৪ ৰান কৰাৰ লগতে বিৰাট কোহলিয়ে ৩৩ আৰু মহিপাল ল’মৰ’ৰে ৩২ ৰানৰ অৱদান আগবঢ়ায়৷ দলীয় স্ক’ৰ ৩৭ ৰানত অধিনায়ক ফাফ ডু প্লেচিছৰ ৰূপত প্রথমটো উইকেট হেৰুৱায়৷ অধিনায়কগৰাকীয়ে ১৭ ৰানৰ অৱদান আগবঢ়ায়৷ ইপিনে, কোহলিয়েও ৩৩ ৰান কৰি বিদায় লয়৷ সেই সময়ত আৰচিবিৰ স্ক’ৰ আছিল দুই উইকেটত ৫৬ ৰান৷ অৱশ্যে কেমেৰন গ্রীন আৰু ৰজত পাটিদাৰে তৃতীয় উইকেটত ৪১ ৰান কৰি দলৰ বিপর্যয় কিছু পৰিমাণে ৰোধ কৰে৷ কিন্তু দুটা বলৰ ব্যৱধানত গ্রীন আৰু মেক্সৱেলক হেৰুৱাই পুনৰ বিপদত পৰে দলটো৷ গ্রীনে ২৭ আৰু মেক্সৱেলে কোনো ৰান নকৰাকৈ বিদায় লয়৷ অৱশ্যে পাতিদাৰে মহিপালৰ সৈতে যুটি বান্ধি দলীয় স্ক’ৰ বৃদ্ধি কৰাৰ চেষ্টা চলায় যদিও সফল নহ’ল৷পাতিদাৰে ২২টা বলত ৩৪ ৰান কৰি বিদায় লয়৷ ৰাজস্থানৰ হৈ আভেছ খানে সর্বাধিক তিনিটা উইকেট লয়৷

Featured