ৰাজস্থান ৰয়েলছৰ ৰোমাঞ্চকৰ জয়লাভ; ৰিয়ান পৰাগ–ৰাহুল টেৱাটিয়াৰ চমকপ্রদ বেটিং

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ অসম সন্তান ৰিয়ান পৰাগৰ আকর্ষণীয় বেটিঙৰ সহায়ত ৰাজস্থান ৰয়েলছে চলিত আই পি এলত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিছে৷ ডুবাই আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত  অনুষ্ঠিত এখন মেচত ষ্টিভেন স্মিথ নেতৃত্বাধীন দলটোৱে ছানৰাইজার্ছৰ হায়দৰাবাদক ৫ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ১৫৯ ৰানৰ লক্ষ্যৰ পিছ লৈ ৰাজস্থান ৰয়েলছে এটা বল বাকী থকা অৱস্থাত পাঁচ উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ দলটোৰ এই জয়ৰ মূলতে আছিল ৰিয়ান পৰাগ আৰু অলৰাউণ্ডাৰ ৰাহুল টেৱাটিয়াৰ আক্রমণাত্মক বেটিং৷

৭৮ ৰানৰ ভিতৰতে ৰাজস্থান ৰয়েলছে বেন ষ্ট’কছ, ষ্টিভেন স্মিথ, জছ বাটলাৰ, ৰবীন উথাপ্পা আৰু সঞ্জু ছেমছনৰ উইকেট হেৰুৱাই পৰাজয়ৰ আশংকাত ভুগিছিল যদিও ৰিয়ান আৰু টেৱাটিয়াই দায়িত্বপূর্ণ বেটিঙেৰে দলটোলৈ স্মৰণীয় জয় কঢ়িয়াই আনে৷ কিংছ একাদশ পঞ্জাবৰ বিৰুদ্ধে অবিশ্বাস্য বেটিঙেৰে নায়কত পৰিণত হোৱা টেৱাটিয়াই আজিও দুর্দান্ত বেটিঙেৰে ৰাজস্থানৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ তেওঁ ২৮ বলৰ সন্মুখীন হৈ ৪টা বাউণ্ডেৰী দুটা অ’ভাৰ বাউণ্ডেৰীৰে ৪৫ ৰানৰ অনবদ্য ইনিংছ খেলে৷ টেৱাটিয়াক যোগ্য সহযোগিতা আগবঢ়ায় অসমৰ উদীয়মান তাৰকা ৰিয়ান পৰাগে৷ পৰিস্থিতি অনুসৰি আৰম্ভণিতে ধৈর্যশীল বেটিং কৰা ৰিয়ানে শেষৰ ফালে আক্রমণাত্মক ৰূপ ধাৰণ কৰি ৪২ ৰানৰ মেচ উইনিং ইনিংছ খেলে৷ তেওঁ মাত্র ২৬ বলৰ সন্মুখীন হৈ দুটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰীৰে ইনিংছটো সজায়৷ তেওঁলোকে ষষ্ঠ উইকেটত দলৰ হৈ মূল্যৱান ৮৫ ৰান যোগ দি ৰাজস্থান ৰয়েলছৰ বিজয় নিশ্চিত কৰে৷

ছানৰাইজার্ছৰ হৈ খলিল আহমেদ, ৰছিদ খানে দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূর্বে টছত জিকি প্রথমে ইনিংছ মুকলি কৰি ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অ’ভাৰত ৪ উইকেটৰ বিনিময়ত ১৫৮ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ মিড্ল অর্ডাৰ বেটছমেন মনীষ পাণ্ডে সর্বাধিক ৫৪ ৰানৰ অৱদান আগবঢ়ায়৷ তেওঁ ৪৪ বলৰ সন্মুখীন হৈ দুটা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰ কোবায়৷ অধিনায়ক ডেভিদ ৱার্নাৰে ৩৮ বলত তিনিটা বাউণ্ডেৰী আৰু দুটা অ’ভাৰ বাউণ্ডেৰীৰে ৪৮ ৰান সংগ্রহ কৰে৷ উল্লেখ যে একেৰাহে চাৰিখন মেচত পৰাস্ত হোৱাৰ পিছত ৰাজস্থানে  জয়ৰ মুখ দেখে৷